শিলচৰত নিৰ্বাচনী প্ৰচাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক‌ সাহাৰ

tripura

শিলচৰত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক‌ সাহা। বিজেপি প্ৰাৰ্থী ড০ ৰাজদীপ ৰায়ৰ হৈ প্ৰচাৰ চলালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক‌ সাহাই।

দেওবাৰে শিলচৰৰ আশ্ৰম ৰোড তপোবন নগৰত বিশাল নিৰ্বাচনী জনসভাত অংশ লয় মুখ্যমন্ত্ৰী গৰাকী। সভাত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ বিজেপি কৰ্মী আৰু সমৰ্থকে।

জনসভাত মুখ্যমন্ত্ৰী গৰাকীয়ে।শিলচৰৰ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায় বিশাল ব্যবধানত জয়ী হ'ব মন্তব্য কৰে।।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই কয়,‌ অহা ৯ এপ্ৰিলৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী বিপুল ব্যৱধানত জয়ী হ’ব।তেওঁ দাবী কৰে যে বিজেপিয়ে ৩৫ বছৰ বাওঁপন্থী শাসনৰ বিৰুদ্ধে যুঁজ দি ত্ৰিপুৰাত সুশাসন প্ৰতিষ্ঠা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখন দুৰ্নীতি আৰু সন্ত্ৰাসবাদৰ পৰা মুক্ত হোৱা বুলিও মন্তব্য কৰে।

লগতে মানিক সাহাই কয় যে এসময়ত উত্তৰ-পূর্বাঞ্চলত অশান্তি আৰু বিস্ফোৰণ দৈনিক সংঘটিত আছিল যদিও এতিয়া পৰিস্থিতি যথেষ্ট উন্নত হৈছে৷ লগতে তেওঁ কয় যে ‘এক্ট ইষ্ট পলিচি’ৰ জৰিয়তে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰা হৈছে।

Category