অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান।
অশান্ত জৰ্জৰ মণিপুৰৰ টেংনৌপাল জিলাৰ ভাৰত- ম্যানমাৰ সীমান্তত অবৈধ মাৰণাস্ত্ৰ বিৰুদ্ধে অভিযান চলাইছিল নিৰাপত্তা বাহিনীয়ে।
নিৰাপত্তা বাহিনীৰ অভিযানত ম'ৰে থানাৰ অন্তৰ্গত য়াংগাওবুঙ গাঁৱত জব্দ কৰে বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী।
অভিযানৰ সময়ত জব্দ কৰে ৬টা ৯ এম এম পিষ্টল,নাইন এম এম পিষ্টলৰ ৬টা মেগাজিন, এটা চিংগল বেৰেল ৰাইফল, ১৫টা শক্তিশালী আই ই ডি আৰু দুটা Tactical Radio Set. মাৰণাস্ত্ৰ উদ্ধাৰ হ'লেও কোনো ব্যাক্তিক আটক কৰিব পৰা নাই নিৰাপত্তা বাহিনীয়ে।
- Log in to post comments