প্ৰভু বন্দনাৰে মুখৰিত তীৰ্থপীঠ উত্তৰ গুৱাহাটী

north guwahati

প্ৰভু বন্দনাৰে মুখৰিত তীৰ্থপীঠ উত্তৰ গুৱাহাটী । উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ সনাতনী ধৰ্মীয় অনুষ্ঠান হনুমান জয়ন্তীৰ প্ৰস্তুতি চলিছে উত্তৰ গুৱাহাটীত। 

২৯ এপ্ৰিলৰ পৰা পাঁচ দিনীয়াকৈ মধ্যমখণ্ডৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ব হনুমান জয়ন্তী । এই হনুমান জয়ন্তীৰ ২ এপ্ৰিলত কুৰি সহস্ৰাধিক ভক্তই একেলগে হনুমান সালিছা পাঠৰ লগতে যজ্ঞ ,পূজা পাৰ্বনেৰে ভক্তি ৰসত গদ গদ হৈ পৰিব । 

আজি কুমাৰী পূজন আৰু  যজ্ঞৰে হনুমান জয়ন্তীৰ প্ৰাকক্ষণত ৰাম নবমী পালন কৰা হয় । ইফালে উত্তৰ গুৱাহাটী আনন্দ নগৰতো পাঁচ দিনীয়াকৈ উদযাপিত হৈ আছে বাসন্তী পূজা ঐতিহাসিক মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপৰ এই বাসন্তী পূজাত ভক্তসকলৰ ভিৰ কৰা পৰিলক্ষিত হৈছে।


 

Category