শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৩৫ বছৰীয়া বলেন্দ্ৰ শ্বাহে৷ সংবিধানৰ ৭৬(১) অনুচ্ছেদৰ অধীনত বলেন্দ্ৰ শ্বাহক নিযুক্তি দিয়ে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে৷ তাৰ পাছতে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে বলেন্দ্ৰ শ্বাহে।
নেপালৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক শুভেচ্ছা জনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে পোষ্ট কৰি লিখে - নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বলেন্দ্ৰ শ্বাহক উষ্ম অভিনন্দন জনাইছো। এই নিযুক্তিয়ে নেপালৰ জনসাধাৰণে আপোনাৰ নেতৃত্বৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থাক প্ৰতিফলিত কৰিছে । আমাৰ দুয়োখন দেশৰ জনতাৰ পাৰস্পৰিক লাভৰ বাবে ভাৰত-নেপালৰ বন্ধুত্ব তথা সহযোগিতাক আৰু অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে আপোনালোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী ৷
- Log in to post comments