প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান;ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হয় শেষকৃত্য

Samar Hazarika

উৰুকাৰ দিনটোতে ৰাজ্যবাসীৰ বাবে দুঃখবৰ। প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ আছিল সমৰ হাজৰিকা। 

সোমবাৰে পুৱা ৮ বাজি ৪৫ মিনিটত গুৱাহাটীৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সমৰ হাজৰিকা। ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হয় শেষকৃত্য। সমৰ হাজৰিকা আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী আছিল। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি তেওঁ বহুকেইখন অসমীয়া চিনেমাত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠ নিগৰাইছিল।


১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম ‘উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী’ মুক্তি পাইছিল। কেইবাটাও কালজয়ী গীতৰ সৃষ্টি কৰিছিল শিল্পী সমৰ হাজৰিকা। ‘প্ৰথম মৰমে যদি সঁহাৰি নাপায়’ গীতেৰে সমৰ হাজৰিকাই আৰ্জিছিল প্রভূত জনপ্ৰিয়তা।

‘বোৱাৰী’ চিনেমা ‘ই যে ৰণাংগনৰ কাহিনী...’’ গীতটো এতিয়াও শ্ৰোতাৰ-মুখে মুখে। ‘উপপথ’ আৰু ‘প্ৰভাতী পখী’ ইত্যাদি চিনেমাতো কণ্ঠদান কৰিছিল সমৰ হাজৰিকাই।

Category