মুকলি আকাশৰ তললৈ আহিব বিধায়ক আমিনুল ইছলাম।।ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত (NSA) কাৰাৰুদ্ধ হৈ থকা এ আই ইউ ডি এফৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
উল্লেখ্য যে চলিত বৰ্ষৰ ২২ এপ্ৰিলত সংঘটিত নৃশংস পহলগাম-কাণ্ডৰ সময়ত ৰাজহুৱাভাৱে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে।তাৰ পাছতে গ্ৰেপ্তাৰ কৰাৰ কৰা হৈছিল বিধায়ক গৰাকীক
২৪ এপ্ৰিলৰ পৰা NSA-ৰ অধীনত দীর্ঘদিনে গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আবদ্ধ হৈ থকা আমিনুল ইছলামৰ বিৰুদ্ধে থকা NSA-ৰ সকলো গোচৰ খাৰিজ কৰিছে আদালতে । ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু সুৰেশ মজুমদাৰৰ খণ্ড বিচাৰপীঠৰ এই ৰায় । ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে আছিল পহলগাম আক্ৰমণৰ ঘটনাৰ সময়ত দেশবিৰোধী মন্তব্য দিয়াৰ অভিযোগ ।
- Log in to post comments