আজি কথাশিল্পী পদ্মশ্ৰী ইমৰান শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন।
বনবাসীৰ পৰা ‘দোকমোকালি’ লৈ এক অনন্য সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক,কথাশিল্পী পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন ৷
মৃদুভাষী সাহিত্যিকজনৰ নৱ প্ৰজন্মৰ প্ৰতি পৰামৰ্শ অধ্যয়নশীল হৈ আগবাঢ়ি যাব লাগিব।
১৯৩৩ চনত শিৱসাগৰ চহৰৰ ঐতিহ্যমণ্ডিত ধাই আলিত জন্মলাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ আন্যতম মাইলখুঁটা স্বৰূপ ইমাৰান শ্বাহে আজি ভৰি দিয়ে ৯৩ সংখ্যক বছৰত।
৯৩ ৰ দেওনা অতিক্ৰম কৰা কথাশিল্পী গৰাকী আজিও চিৰ তৰুণ মৃদুভাষী সাহিত্যিক গৰাকী।
ঈষাণ দত্ত, বাবুল,অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প,কবিতা,উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা পদ্মশ্ৰী সন্মান প্ৰাপক কথাশিল্পী গৰাকীয়ে আজানপীৰ বঁটা, সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সাহিত্যিক গৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ ভৰাল চহকী কৰিছে।
সংগীতৰ সিপাৰে,জোনাকৰ ছবি, তানচেন, অনমিতা,ক্ৰান্তীৰেখা,সাগৰীকা,জৱানবন্দী,বন্ধ দুৱাৰ,ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল,সৃষ্টি-দৃষ্টি, কুকুহা,দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থ প্ৰাণ পাইছে সাহিত্যিক গৰাকীৰ পৰিপুষ্ট চিন্তাৰ কলমত৷ মৃদুভাষী ভাষা সাহিত্যৰ সৃষ্টিৰ সাধক জনৰ বাবে ৰাইজৰ মৰমেই সৃষ্টিৰ সমল।উল্লেখ্য যে, নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘বনবাসী’ লিখি উলিয়াইছিল ইমৰান শ্বাহে।
অসমৰ সাহিত্য জগতৰ মহিৰূহ গৰাকীৰ বিশেষ দিনটোত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া—
কথাশিল্পী জনৰ বাবে উপজা দিন আন দিনৰ দৰেই।
নৱ প্ৰজন্মৰ প্ৰতি আহ্বান—নৱ প্ৰজন্ম দেশৰ ভৱিষ্যত, অধ্যয়নশীল হৈ নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যোৱাৰ পোষকতা।সকলো জাতীয় জীৱনৰ লগত সকলো জড়িত জাতি আৰু দেশৰ কথা ভাবি আগবাঢ়িবলৈ পৰামৰ্শ—পদ্মশ্ৰী ইমৰান শ্বাহৰ।
- Log in to post comments