
আপোন ঘৰখনত হিয়াৰ আমঠু জুবিন গাৰ্গৰ নশ্বৰ দেহ। আজি কিছু সময় পূৰ্বে বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ বাসগৃহৰ লৈ অনা হয়।জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহৰ বাহিৰত দেখা গৈছে জনসমুদ্ৰ। প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহত লাখ লাখ অনুৰাগী-গুণমুগ্ধই ভিৰ কৰিছে ।
কাহিলিপাৰাৰ বাসগৃহত পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ কপিল ঠাকুৰৰ লগতে আত্মীয়-স্বজনে শেষ শ্ৰদ্ধাঞ্জলি জনায় জুবিন। কাহিলিপাৰৰ বাসগৃহৰ পৰা হাৰ্টথ্ৰবগৰাকীৰ নশ্বৰদেহ লৈ যোৱা হয় সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ।
সৰুসজাইতো জুবিনৰ বাবে বাট চাইছে লাখ লাখ অনুৰাগীয়ে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সকলো ব্যৱস্থা কৰা হৈছে। সৰুসজাই ষ্টেডিয়ামতে অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অসমৰ আটাইতকৈ মৰমৰ শিল্পীগৰাকীক।
জুবিনৰ অবৰ্তমানত স্তব্ধ হৈ পৰিছে সকলো, বাকৰুদ্ধ প্ৰতিজন অসমীয়া। অসমৰ প্ৰতিজন লোকৰে হৃদয়ত শিপাই থকা প্ৰাণৰ শিল্পীগৰাকীক বিদায় দিয়াৰ সাহস কাৰো নাই। কিন্তু বাস্তৱ বৰ কঠোৰ, মৃত্যু চিৰন্তন।।
- Log in to post comments