জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত মৃত্যু অসমৰ BSF জোৱানৰ

BSF Constable Rajib Nunia Dies on Duty

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত মৃত্যু অসমৰ BSF জোৱানৰ। মৃত জোৱানজন কাছাৰৰ দয়াপুৰৰ ৰাজীৱ নুনীয়া।

জানিব পৰা মতে, ৱাটছ টাৱাৰ ভাঙি পৰাৰ ফলত মৃত্যু হয় জোৱানজনৰ। কৰ্তব্যৰত অৱস্থাতে জোৱানজনৰ ওপৰত ভাঙি পৰে ৱাটছ টাৱাৰটো। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত ভাঙি পৰে টাৱাৰটো।

আখনুৰৰ পাকিস্তান সীমান্তত পহৰাৰ দায়িত্বত আছিল জোৱানজন। মাত্ৰ দুমাহ পূৰ্বে বি এছ এফত কষ্টেৰে যোগদান কৰিছিল ৰাজীৱ নুনীয়াই।

ৰাজীৱ নুনীয়াৰ মৃত্যুৰ পাছত BSF ৰ ফালৰ পৰা কোৱা হৈছে যে কনিষ্টবল ৰাজীৱ নুনীয়াই ” নিজৰ অদম্য সাহস আৰু নিষ্ঠা”ৰ সৈতে নিজৰ দায়িত্ব পালন কৰাৰ সময়ত শ্বহীদ হয়।

এক বিবৃতিত BSFয়ে জনাই যে, BSF ৰ সাহসী কনিষ্টবল ৰাজীব নুনীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাইছো। যিয়ে কৰ্তব্যৰ সময়ত বলিদান দিয়ে”। লগতে কয় তেওঁৰ ত্যাগক সদায় মনত ৰখা হ’ব আৰু সেই ত্যাগক সন্মান কৰা হ’ব। ৰাজীব নুনীয়াৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ইফালে, এই শোকাৱহ ঘটনাত ৰাজীৱ নুনীয়াৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিচত কাছাৰৰ দয়াপুৰত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Category