
সুধাকণ্ঠৰ জন্মজয়ন্তী উপলক্ষে কেন্দ্ৰৰ বিশেষ পদক্ষেপ। সুধাকণ্ঠৰ স্মৃতিত মুকলি হ’ব ১০০ টকা মূল্যৰ বিশেষ মুদ্ৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে জাৰি কৰিলে অধিসূচনা। কেন্দ্ৰৰ এই পদক্ষেপৰ বাবে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃতজ্ঞতা।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘আপোনালোকক অৱগত কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ যে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ বিশেষ উপলক্ষত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে সুধাকণ্ঠ বিশেষ ১০০ টকা মূল্যৰ এটি স্মৃতি মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে।
লুইতৰ পাৰৰ বৰেণ্য শিল্পীগৰাকীক সদায়ে প্ৰাপ্য স্বীকৃতি দি অহা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক শতবাৰ্ষিকী উদযাপনৰ এই বিৰল মুহূৰ্তক অধিক বিশেষ কৰি তোলাৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷’’
এই পদক্ষেপৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ হৈ প্রধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘‘গংগা-লুইতৰ সমন্বয়ৰ সাঁকো, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সন্মানাৰ্থে কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা বিশেষ মুদ্ৰা প্ৰস্তুতকৰণৰ পথ প্ৰশস্ত। বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাদেৱৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী!
- Log in to post comments