
জুবিন গাৰ্গলৈ বেলতলা ব’হাগী উৎসৱৰ সৰ্বোচ্চ সন্মান। হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা, ২০২৫। ২৫ এপ্ৰিলত প্ৰদান কৰিব এই বঁটা। বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিৰ এই ঘোষণা। অহা ২৪, ২৫ আৰু ২৬ এপ্ৰিলত ৪৮ সংখ্যক বেলতলা ব’হাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলগীয়া বেলতলা ব’হাগী উৎসৱত ২৪ এপ্ৰিলত সদৌ অসম ভিত্তিত হুঁচৰি আৰু পাটমাদৈ প্ৰতিযোগিতা। পাটমাদৈৰ প্ৰতিযোগিতাৰ বিজয়ীক প্ৰদান কৰা হ’ব ট্ৰফীসহ ২লাখ টকা। হুঁচৰি প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফিসহ ১ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত ট্ৰফীসহ ৫১ হাজাৰ টকা। ২৫ এপ্ৰিল তাৰিখে জুবিন গাৰ্গলৈ আগবঢ়োৱা হব ড° ভূপেন হাজৰিকা বঁটা। অনুষ্ঠানত উপস্থিত থাকিব ড° ভূপেন হাজৰিকা ভগ্নী কবিতা বৰুৱা।
- Log in to post comments