
পুনৰ গ্ৰেপ্তাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক। দ্বিতীয়টো গোচৰত কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰি নিশা পাণবজাৰ থানাতে ৰাখিলে দিলৱাৰ হুছেইন মজুমদাৰক।
উল্লেখ্য যে, দিলৱাৰৰ বিৰুদ্ধে BNSৰ কেইবাটাও ধাৰাত গোচৰ। বেংকৰ নথিপত্ৰ লৈ পলায়ন কৰাৰ অভিযোগ সাংবাদিকগৰাকীৰ বিৰুদ্ধে। পুৱতি নিশা দিলৱাৰৰ ঘোঁৰামৰাস্থিত বাসগৃহত পাণবজাৰ আৰক্ষীৰ অভিযান। সাংবাদিকগৰাকীক লগত লৈ অভিযান চলালে আৰক্ষীয়ে।
বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ লগতে আয়ৰ উৎস বিচাৰি চলাইছিল এই অভিযানত। পুৱা অভিযান সামৰি আৰক্ষীৰ দলটো ওলাই গৈছিল যদিও এই মুহূৰ্তত শেহতীয়া তথ্য অনুপৰি দিলৱাৰ হুছেইনৰ বাসগৃহলৈ পুনৰ গৈছে অভিযানকাৰী দলটো।
- Log in to post comments