সঁচাকৈ অসমত হ'ব নেকি টুইন টাৱাৰ?

tuin tower

সঁচাকৈ অসমত হ'ব নে টুইন টাৱাৰ? মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বেতকুছিত নিৰ্মাণ হৈছে নে টুইন টাৱাৰ! বহু চৰ্চিত টুইন টাৱাৰৰ ফটো সামাজিক মাধ্যমত দিলে মুখ্যমন্ত্ৰীয়ে। 

সংবাদ মাধ্যমত টুইন টাৱাৰৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কৰিছিল আক্ষেপ। 'মানুহে টুইন টাৱাৰ হোৱা নাই বুলি কয়' সেইবাবে মুখ্যমন্ত্ৰীয়ে নিজেই টুইন টাৱাৰৰ ফটোবোৰ Social Media ত ভাইৰেল কৰিলে। 

উল্লেখ্য যে, ২০১৮ চনতে উত্থাপিত হৈছিল বিশাল বিণিজ্যিক প্ৰতিষ্ঠান টুইন টাৱাৰ নিৰ্মাণৰ প্ৰস্তাৱ। এডভাণ্টেজ আছামৰ প্ৰথম সংস্কৰণত গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ বাবে উদ্যোগ লৈছিল অসম চৰকাৰে। কিন্তু পৰৱৰ্তী সময়ত টুইন টাৱাৰৰ বিষয়টো স্তব্ধ হৈ পৰিল। চৰকাৰৰ মুখত প্ৰায় নোহোৱা হ'ল টুইন টাৱাৰৰ প্ৰসংগ। পিছে, সময়ে সময়ে সাধাৰণ মানুহৰ মুখত ব্যংগাত্মক ভাৱে টুইন টাৱাৰৰ প্ৰসংগ চৰ্চিত হৈ আহিছে। এইবাৰ মুখ্যমন্ত্ৰীয়ে নিজেই টুইন টাৱাৰৰ প্ৰসংগ আনিছে Advantage Assam 2.0 ৰ সংবাদমেলত। মুখ্যমন্ত্ৰীয়ে কোৱা টুইন টাৱাৰ এইটোৱে। 

৮০০ কোটিৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ আছে টুইন টাৱাৰ। ইতিমধ্যেই ৬০% কাম সম্পূৰ্ণ হৈছে টুইন টাৱাৰৰ!
 
পিছে টুইন টাৱাৰ সলনি হ'ব ৰূপ। বাণিজ্যিক কেন্দ্ৰ টুইন টাৱাৰত বহিব। চৰকাৰৰ সকলো বিভাগৰ সঞ্চালক!

যিয়েই হওক, এইবাৰ অসমৰ ৰাইজৰ টুইন টাৱাৰ চোৱাৰ সৌভাগ্য নিশ্চয় হ'ব। 

Category