পৰিবহণ বিষয়াৰ নামত ব্যৱসায়ীৰ পৰা ধন লুট....

doboka

ধন লুটৰ বাবে চাইবাৰ অপৰাধীৰ নিতৌ নতুন কৌশল
ডবকাত পৰিবহণ বিষয়াৰ নামত ব্যৱসায়ীৰ পৰা ধন লুট
ডবকাৰ ব্যৱসায়ী ৰহিম উদ্দিনৰ পৰা ধন লুট দুৰ্বৃত্তৰ
ফোনযোগে পৰিবহণ বিভাগৰ MVI বুলি পৰিচয় দিছিল দুৰ্বৃত্তই
MVI অমল ডেকা বুলি পৰিচয় দি দাবী কৰে ধন
মন্দিৰ নিৰ্মাণৰ বাবদ দাবী কৰিছিল ১৫ হাজাৰ টকা
অমল ডেকা নামেৰে একে পন্থাৰে বহুলোকৰ পৰা ধন লুট

পৰৱৰ্তী সময়ত ব্যৱসায়ী সকলে হোজাই জিলা পৰিবহন বিভাগৰ লগত যোগাযোগ কৰাত অমল ডেকা নামৰ কোনো বিষয়া নাই জানিব পাৰে। অৱশেষত প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ অভিযোগত প্ৰৱঞ্চকৰ বিৰুদ্ধে ডবকা থানাত এজাহাৰ দাখিল ব্যৱসায়ী ৰহিম উদ্দিনৰ। শীঘ্ৰে প্ৰৱঞ্চকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হোজাই জিলা আৰক্ষীক দাবী ভুক্তভোগীৰ।

Category