বাঘৰ চকুত চকু থৈ পত্নীক বাঘৰ মুখৰ পৰা কাঢ়ি আনিলে এজন স্বামীয়ে....

kaliabor

কথাতে আছে, "ৰাখে হৰি মাৰে কোনে?" তাৰ অৰ্থটো হৈছে যদি আপোনাৰ মৰণ নাই তেন্তে যমৰজা আপোনাৰ চকুৰ সন্মুখত আহি প্ৰকট হ'লেও আপোনাৰ মৃত্যু নহয়। আচৰিত যেন লাগিলেও ই এক সত্য।ঘটনা। ঘটনাটো সংঘটিত হৈছিল কলিয়াবৰত।

ঘটনাৰ বিবৰণ অনুসৰি, যোৱা ২১ ডিচেম্বৰত কলিয়াবৰ চাহ বাগিচাৰ ১৩ নং লাইনত খৰি কাটিব লৈ গৈছিল এহাল দম্পতি আৰু খৰি কাটি থকা অৱস্থাতে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে পাছফালৰ পৰা আক্ৰমণ কৰিছিল দিলীপ গ'ৰ পত্নী যমুনা গ'ৰক। লগে লগে বাঘটোৱে যমুনা গ'ৰক এৰি আক্ৰমণ কৰাৰ লক্ষ্য লৈছিল দিলীপ গ'ৰক। 

কিন্তু দিলীপ গ'ৰে সাহস গোটাই বাঘটোৰ লগত প্ৰায় আধা ঘন্টা চকুত চকু থৈ সাহসীকতাৰে যুজ দি পত্নী যমুনা গ'ৰক বাঘৰ মুখৰ পৰা বচাবলৈ চেষ্টা চলাই। আৰু অৱশেষত বাঘটো উভতি যায় ঘন জংঘলৰ মাজলৈ।

তাৰ পাছতেই নিজ পত্নী যমুনা গ'ৰক কোলাত লৈ চিকিৎসালয়ত ভৰ্তি কৰে।দিলীপ গ'ৰে।

সাংবাদিকে সোধা প্ৰশ্নত কেমেৰাৰ সন্মুখত দিলীপ গ'ৰে কৈ গ'ল এই শিহৰণকাৰী ঘটনাৰ বৰ্ণনা। এই শিহৰণকাৰী ঘটনাই কৈ গ'ল দিলীপ গ'ৰৰ নিজ পত্নীৰ প্ৰতি থকা প্ৰেম ভালপোৱাৰ কথা।

Category