অসমৰ চাহ খেতিয়কসকললৈ ভাল খবৰ। অসমৰ থলুৱাভাৱে উৎপাদিত চাহে SPECIALITY TEA CATEGORYত লাভ কৰিছে বিশেষ সন্মান। দুলীয়াজানৰ বকুলনী চাৰিআলিৰ ৰাজু ডেকা নামৰ ক্ষুদ্ৰ চাহ খেতিয়কজনৰ উৎপাদিত ‘বকুলনি অৰ্থড’ক্স টি’য়ে লাভ কৰিছে এই সন্মান।
ছ’লিডাৰিডেড এছিয়া নামৰ বহুজাতিক প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰায় এক লাখ বিশ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ থলুৱা ভাৱে উৎপাদিত চাহৰ গুণগত মান পৰীক্ষা কৰিছিল। অহা ৭ নবেম্বৰত ছ’লিডাৰিডেড এছিয়াৰ উদ্যোগত কলিকতাত অনুষ্ঠিত হ'ব লগা International Small Tea Conversation ত অসমৰ পৰা নিৰ্বাচিত হোৱা Bokuloni Orthodox Teaৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়ক ৰাজু ডেকাই এই বিশেষ সন্মান লাভ কৰিব ।
বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি ৰাজু ডেকাই ঘৰতে গ্ৰীণ টি লগতে অৰ্থডস্ক টি উৎপাদন কৰি স্থানীয় বজাৰ দখল কৰা আহিছে। ৰাজু ডেকাই ভৱিষ্যতে বিশ্বৰ চাহ বজাৰত সৰ্বাধিক জনপ্ৰিয় Golden Tips চাহ প্ৰস্তুত কৰি বিশ্বৰ চাহৰ বজাৰ দখল কৰা লক্ষ্যৰে আগবাঢ়িব বুলি মত প্ৰকাশ কৰে।
- Log in to post comments