ইউক্ৰেইনত PM মোদী! যুদ্ধবিধ্বস্ত ইউক্ৰেইনত নিহত শিশু স্মাৰকত শ্ৰদ্ধাঞ্জলি মোদীৰ....

modi

ৰুছ-ইউক্ৰেইন যুদ্ধৰ মাজতে ইউক্ৰেইনত PM মোদী
শুকুৰবাৰে ইউক্ৰেইনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
পোলেণ্ডৰ পৰা ১০ ঘণ্টীয়া ৰে’ল যাত্ৰাৰে কীভত উপস্থিত মোদী
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেন’স্কিক আলিংগন PM মোদীৰ

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত নিহত শিশু স্মাৰকত শ্ৰদ্ধাঞ্জলি
কীভত ভাৰতীয় সমাজেও আদৰণি জনাই PM মোদীক
ফোমিন বটানিকেল গাৰ্ডেনত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি
ইউক্ৰেইন ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী
দুই শীৰ্ষ নেতাৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউক্ৰেইন ভ্ৰমণে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত শাস্তি বাহালৰ আশা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰবক্তাই। ইউক্ৰেইন যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ২১ আৰু ২২ আগষ্টত ভ্ৰমণ কৰিছিল পোলেণ্ড। পোলেণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰিছিল যেন আলোচনাৰ মাজেৰেহে ইউক্ৰেইন সংকটৰ সমাধান উলিয়াব পৰা যাব।

উল্লেখ্য যে জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকো যুদ্ধ সমাপ্ত কৰাৰ বাবে আহ্বান জনাইছিল। একে সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণৰ তীব্ৰ সমালোচনা কৰিছিল।
 

Category