টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নামত প্ৰৱঞ্চনা
নিযুক্তিৰ প্ৰলোভনেৰে যুৱক-যুৱতীক প্ৰৱঞ্চনাৰ অভিযোগ
গুৱাহাটীৰ এটা প্লেছমেণ্ট চেণ্টাৰৰ বিৰুদ্ধে অভিযোগ
চাকৰিৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ শতাধিক যুৱক-যুৱতী
সংবাদমেল যোগে ক্ষোভ জাগীৰোড জাগীৰোড নাগৰিক সমিতিৰ
ঘটনা সন্দৰ্ভত জাগীৰোড থানাত এজাহাৰ দাখিল
ৰাজ্যৰ বাঢ়ি অহা নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি একাংশ প্লেছমেন্ট এজেঞ্চিয়ে অসমৰ যুৱতীক বহিঃ ৰাজ্যত সংস্থাপনৰ নামত প্ৰৱঞ্চনাৰ জাল তৰিছে। এই ক্ষেত্ৰত ব্যৱহাৰ কৰিছে জাগীৰোডত নিৰ্মাণ আৰম্ভ হোৱা টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নাম। ইয়াত আগভাগ লৈছে গুৱাহাটীৰ এটা প্লেছমেন্ট এজেঞ্চিয়ে।
MCC CII Model Carrier Centre, Guwahatiৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। প্ৰলোভনেৰে মৰিগাওঁ জিলাৰ পৰাই কৰ্ণাটকলৈ লৈ যোৱা হৈছে ডেৰ শতাধিক যুৱতীক। হতাশা আৰু দুখ কষ্টত ভোগা যুবতীসকলে অভিভাৱকলৈ ফোন কৰি সকলো বিৱৰি কোৱাৰ পিছত অভিভাৱক সকলে জাগীৰোড থানাত এজেঞ্চিটোৰ বিৰুদ্ধে এজাহাৰ দিছে।
- Log in to post comments