আজি বিশ্ব জনসংখ্যা দিৱস......

population day

আজি বিশ্ব জনসংখ্যা দিৱস। জনসংখ্যা‌ দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন অসমৰ  তৰফৰ পৰা দেশৰ জনসংখ্যা‌ ৰোধ‌ কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ স্মাৰক পত্ৰ। সংগঠনটোৰ দাবী ভাৰতবৰ্ষ বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যা বহুল দেশ‌।

স্মাৰক পত্ৰত উল্লেখ কৰিছে যে যদিহে ভাৰতবৰ্ষৰ জনসংখ্যা‌ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অনাগত সময়ত দেশত গৃহযুদ্ধৰ পৰিৱেশ সুচনা হ'ব পাৰে । স্মাৰক পত্ৰত ভাৰতত এখন শক্তিশালী জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ‌ পোষকতা সংগঠনটোৰ।

Category