আজিৰে পৰা দুদিন ধৰি বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা.....

Ghy

আজিৰে পৰা বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
দুদিন ধৰি বন্ধ থাকিব ফেৰী চলাচল
দুয়ো দিনত বন্ধ থাকিব সকলো বিভাগীয় জাহাজ
ঘূৰ্ণীবতাহ ‘ৰেমল’ক লৈ এই নিৰ্দেশ জিলা প্ৰশাসনৰ
সুৰক্ষা নিশ্চিত কৰাৰ বাবেই এই সিদ্ধান্ত প্ৰশাসনৰ

অৱশ্যে গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ বাবে নিৰ্মাণ সামগ্ৰী আৰু শ্ৰমিক কঢ়িওৱা নাওসমূহ নপৰিব এই নিৰ্দেশনাত। বন্ধ কৰি দিয়া হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী মধ্যম খণ্ড পাৰঘাট, গুৱাহাটী ৰাজাদুৱাৰ পাৰঘাট আৰু গুৱাহাটী কুৰুৱা পাৰঘাটলৈ চলাচল কৰা ১২খন ফেৰী।

প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছতেই পুৱাৰে পৰা জাহাজঘাটলৈ আহি অসুবিধাত পৰিল বহু যাত্ৰী। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী আৰু উমানন্দলৈ যাত্ৰা কৰিবলৈ আহি ফেৰী নচলাত বাধাৰ সন্মুখীন যাত্ৰী। 

Category