ভয়াৱহ হাৰত বৃদ্ধি ছোৱাইন ফ্লুৰ আতংক! ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু ৪ মহীয়া নিষ্পাপ শিশুৰ....

swine flu

ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ছোৱাইন ফ্লুৰ আতংক। কাছাৰত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ মহীয়া এটি নিষ্পাপ শিশুৰ। চিকিৎসাধীন অৱস্থাতে মৃত্যু আৰমান হুছেইন লস্কৰ নামৰ শিশুটিৰ। 

জানিব পৰা মতে, ১২ এপ্ৰিলত আৰমান হুছেইন লস্কৰ নামৰ শিশুটিক ভৰ্তি কৰোৱা হৈছিল SMCHত। বৰ্তমান সময়ত ছোৱাইন ফ্লুত আক্ৰান্ত কেইবাজনো SMCHত ভৰ্তি হৈ থকাৰ খবৰ আহি পৰিছে।

লগতে, ছোৱাইন ফ্লুৰ আতংক সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ। সকলোকে মাস্ক পৰিধান কৰাৰ আহ্বান, শিশুক এই সময়ত সুষম আহাৰৰ প্ৰয়োজন, ৬৫ উৰ্ধ্বৰ ব্যক্তিক প্ৰয়োজনত ঘৰতে থকাৰ আহ্বান, GMCHৰ শিশু চিকিৎসক দিগন্ত বৰ্মনৰ গুৰুত্পূৰ্ণ মন্তব্য। ছোৱাইন ফ্লু সংক্ৰমিত ৰোগীৰ বাবে GMCHত বিশেষ ব্যৱস্থা।

ছোৱাইন ফ্লুক লৈ আতংকিত নহ’বলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ। আতংকিত ন’হৈ সতৰ্কতা অৱলম্ৱনৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ।

উল্লেখ ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়া লৈকে বৰাকত দুজন শিশুৰ মৃত্যু হৈছে । যোৱা দুদিন পূৰ্বে হাইলাকান্দিত ফাৰহানা খানম নামৰ ডেৰ বছৰীয়া এটি শিশু কন্যাৰ মৃত্যু হৈছিল।

Category
Profile picture for user UB Photos