শোকাৱহ! হিংসাৰ্জজৰ মণিপুৰৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ অসমৰ জোৱান নাছিৰুদ্দিন সৰকাৰ......

crpf

হিংসাৰ্জজৰ মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা। মণিপুৰৰ বিষ্ণুপুৰত পুৱাই উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ। CRPF জোৱানৰ ওপৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণ। গুলীচালনা, বোমাৰে আক্ৰমণ CRPF জোৱানক। উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ দুই বীৰ জোৱান। এগৰাকী উপ-পৰিদৰ্শকৰ লগতে CRPF জোৱানৰ মৃত্যু উগ্ৰপন্থীৰ আক্ৰমণত। বিষ্ণুপুৰ নৰনসেনাস্থিত CRPF কেম্পত সংঘটিত এই ঘটনা।

উল্লেখ্য যে, বৰপেটাৰ ভেল্লাৰ নাছিৰুদ্দিন সৰকাৰ নামৰ এজন জোৱান শ্বহীদ হয় এই আক্ৰমণত। জোৱান নাছিৰ উদ্দিনৰ মৃত্যুৰ খবৰ পাই পৰিয়ালত এতিয়া কান্দোনৰ ৰোল। ১২৮নং বেটেলিয়নত কৰ্মৰত আছিল নাছিৰুদ্দিন সৰকাৰ

128B শিবিৰৰ বেটেলিয়নলৈ লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। মেইটেই গাঁওৰক্ষী বাহিনীৰ ওপৰতো আক্ৰমণ। লেইশ্ৰাম প্ৰেম নামৰ আন এগৰাকী সদস্য নিহত হোৱাৰ লগতে আহত ২ জনকৈ জোৱান।

Category
Profile picture for user UB Photos