'২০২৫ত ভূপেন বৰা বিজেপিলৈ আহিব', 'মোদী গ্যাৰেণ্টিৰ দৰে এইটো হিমন্ত গ্যাৰেণ্টি': হিমন্ত বিশ্ব শৰ্মা.......

Himanta Biswa Sarma

চাৰিওফালে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। ইতিম্যধেই অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয় পত্ৰ দাখিল কৰা হৈছে। বৰ্তমান সময়ত বাঘী বাঘী নেতাসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। তাৰ মাজতে বিৰোধী দলক কটাক্ষ কৰি বহু নেতা-পালি নেতাই বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰিছে। 

বৃহস্পতিবাৰে ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ বিধায়ক ভূপেন বৰাক লৈ এক বিশেষ মন্তব্য আগবঢ়াইছে। এইবাৰ যেন নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী ডঃ শৰ্মা।

'২০২৫ চনৰ ভিতৰত বিজেপিলৈ  আহিব ভূপেন বৰা'। '২৫ৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ভূপেন বৰাই যোগদান কৰিব বিজেপিত'। 'মোদী গেৰাণ্টীৰ দৰে এইটো হিমন্তৰ গেৰাণ্টী'। 'ভূপেন বৰাক মন্ত্ৰী বনাবলৈ অনা হ'ব বিজেপিলৈ'। 'প্ৰয়োজনত মুখ্যমন্ত্ৰীও হ'ব পাৰে ভূপেন বৰা'। 'মুখ্যমন্ত্ৰী হ'বলৈ মন থাকিলে আহিব লাগিব বিজেপিলৈ'-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে, 'বদৰুদ্দিন আজমলক নহয়, ৰকিবুল হুছেইনকে জিকাবলৈ চেষ্টা কৰিম'। 'তেতিয়া অন্তত কাজিৰঙাৰ জীৱ-জন্তুকেইটা সুৰক্ষিত হৈ থাকিব'। 'কংগ্ৰেছৰ কোনোবা মুখ্যমন্ত্ৰী হ'বলৈ মন থাকিলে তেওঁ বিজেপিলৈ আহিব লাগিব' -মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Category
Profile picture for user UB Photos