এটা সুমধুৰ কন্ঠৰ অন্ত! প্ৰবীণ গজল গায়ক পংকজ উধাছ আৰু নাই........

Pankaj Udhas

এটা সুমধুৰ কন্ঠৰ অন্ত পৰিল। সকলোৰে মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল এক সুৰ। জনপ্ৰিয় গজল গায়ক পংকজ উধাছ আৰু নাই। সংগীত প্ৰেমী তথা সমগ্ৰ ভাৰতবাসীক চিৰ দিনৰ বাবে কন্দুৱাই অজানা দেশলৈ গুছি গ'ল তেওঁ।

উল্লেখ্য যে, ২৬ ফেব্ৰুৱাৰী অৰ্থাৎ আজি পুৱা এই বেয়া খবৰটো আহিল সকলোৰে মাজত। ৭২ বছৰ বয়সত মৃত্যুক আকোৱালি ল'লে প্ৰবীণ গায়কজনে।

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা অসুস্থ হৈআছিল পংকজ উধাছ। আজি দিনৰ প্ৰায় ১১ মান বজাত ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

Category