২৭ ফেব্ৰুৱাৰীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব হাতীৰ গণনা.......

Elephant

২৭ ফেব্ৰুৱাৰীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব হাতীৰ গণনা। কাজিৰঙা উদ্যানৰ ব্ৰাঘ্ৰ প্ৰকল্পতো হ’ব হাতীৰ গণনা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোনালি ঘোষে প্ৰকাশ কৰা মতে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলক সামৰি আজিৰে পৰা ২৬ ফেব্ৰুৱাৰীলৈকে সাত দিন ধৰি চলিব গণনাৰ প্ৰস্তুতি।

ইয়াৰ ভিতৰত বৰ্তমান হাতী থকা এলেকাসমূহ চিনাক্ত কৰা হ’ব। ইয়াৰ পাছত মূল গণনা কৰা হ’ব ২৭ ফেব্ৰুৱাৰীত৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ হোৱা গণনাত কাজিৰঙাত হাতীৰ সংখ্যা পোৱা গৈছিল ১০৬৪ টা।

Category