প্ৰসংগঃ মহানগৰীত সন্ধানহীন ছাত্ৰী। বুধবাৰে সন্ধিয়াৰ পৰা নিখোজ আছিল দুই ছাত্ৰী। সন্ধানহীন দুই ছাত্ৰী মধুস্মিতা বৈশ্য, বন্দিতা ভৌমিক বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, নুনমাটি পঞ্চদীপ জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল দুয়োগৰাকী। বুধবাৰে অৰ্থাৎ সৰস্বতী পূজাৰ দিনা বিদ্যালয়ৰ পৰা আহি পুনৰ নেপালীচকৰ পৰা দীঘলীপুখুৰীলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ছাত্ৰী দুগৰাকীয়ে।
সন্ধিয়া বহু পলম হোৱাৰ পিছত ছাত্ৰী দুগৰাকী ঘৰলৈ ঘূৰি নহাত আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোকে। তাৰ পাছতে অঞ্চলজুৰি হোৱাদোৱাৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত এতিয়াও আৰক্ষীয়ে নিজাববীয়া তদন্ত অব্যাহত ৰাখিছে।
বুধবাৰে নিশা কোনো নম্বৰৰ পৰা ছাত্ৰীৰ মেছেজ " চিন্তা কৰিব লগা একো নাই, আমি ভালে ভালে আছে, আমি নিজ ইচ্ছামতে ঘৰৰ পৰা ওলাই আহিছো, ঘৰত বহুত অশান্তি পাইছো, ৫ বছৰ সকলোৱে অপেক্ষা কৰক, কিয়নো আমি এতিয়াই ঘৰত ঘূৰি যোৱা কথা ভৱা নাই"। এনেদৰেই পৰিয়ালৰ লোক লৈ মেছেজ কৰে ছাত্ৰী দুগৰাকীয়ে।
আচলতে, এয়া কোনা অপহৰণ নহয়, ঘৰৰ পৰা পলায়ন কৰিছে দুগৰাকী ছাত্ৰীয়ে। বৰ্তমানো সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments