কোচিং চেন্টাৰ সমূহলৈ কেন্দ্ৰ চৰকাৰৰ নতুন ৰ্নিদেশনাঃ ১৬ বছৰ অনুৰ্ধৰ ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিব নোৱাৰিব কোচিং চেন্টাৰত..............

coaching

দেশৰ বিভিন্ন প্ৰান্তত পেচাদাৰী পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ বাবে অগনন ব্যক্তিগত কোচিং চেন্টাৰ বৃদ্ধি পাইছে। এই লেকামহীন কোচিং চেন্টাৰ সমূহ বৃদ্ধি ৰোধ কৰিবলৈ কেন্দ্ৰই নতুন ৰ্নিদেশনা জাৰি কৰিছে।

উল্লেখ্য যে, শেহতীয়াকৈ ২০২৩ চনত ৰাজস্থানৰ কোচিং চেন্টাৰ সমূহত JEE আৰু NEET ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ ২৬ টা ভয়ংকৰ ধাৰাবাহিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। তাৰ পিছতেই একাংশ অভিভাৱক আৰু এন‌ জি অ’ই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এই নতুন ৰ্নিদেশনা জাৰি কৰিছে।

ৰ্নিদেশনা সমূহ হৈছে –

* ব্যক্তিগত কোচিং চেন্টাৰ খুলিবৰ বাবে চৰকাৰী পঞ্জীয়ন কৰিব লাগিব।


* ১৬ বছৰৰ অনুৰ্ধৰ ছাত্ৰ-ছাত্ৰীক কোচিং চেন্টাৰত ভৰ্তি কৰিব নোৱাৰিব।


* অত্যধিক মাছুল দাবী কৰিব নোৱাৰিব।


* কোচিং চেন্টাৰত অট্টালিকাৰ অগ্নিকাণ্ড আৰু অন্যান্য সুৰক্ষাৰ বাবে আপত্তিহীন প্ৰমাণ পত্ৰ থাকিব লাগিব।


* পৰীক্ষাৰ মানসিক চাপ আৰু সফলতা সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সহায় কৰিবলৈ প্ৰয়োজন হ’লে অভিজ্ঞ মনোবিজ্ঞানীৰ সহায় ল’ব লাগিব।


* কোনো কাৰণতে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ বিদ্যালয়ৰ সময়ত কোচিং ক্লাছ কৰিব দিয়া নহ’ব।

* দিনটোত ৫ ঘণ্টাৰ অধিক সময় ক্লাছ ল’ব নোৱাৰিব।


* পুৱা সোনকালে বা গভীৰ নিশা কোনো ক্লাছ ল’ব নোৱাৰিব।


* উৎসৱৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক এসপ্তাহৰ ছুটী দিব লাগিব।


* যদি কোনো ছাত্ৰই সম্পূৰ্ণ ধন পৰিশোধ কৰাৰ পিছত পাঠ্যক্ৰমটো মাজভাগত এৰি দিবলৈ বিচাৰে, তেন্তে পাঠ্যক্ৰমৰ বাকী অংশৰ ধন ঘূৰাই দিব লাগিব। লগতে হোষ্টেল আৰু মেছৰ মাচুলো ঘূৰাই দিব লাগিব।


* যদি কোনো কোচিং চেণ্টাৰে গাইডলাইন অনুসৰি নাম পঞ্জীয়ন নকৰে আৰু অন্যান্য চৰ্ত উলংঘা কৰে তেন্তে কোচিং চেণ্টাৰসমূহে জৰিমনা ভৰিব লাগিব। প্ৰথমে নিয়ম উলংঘা কৰাৰ বাবে ২৫ হাজাৰ টকা দিব লাগিব। দ্বিতীয়বাৰৰ বাবে ভুল হ’লে ১ লাখ টকা আৰু যদি তেওঁলোকে তৃতীয়বাৰৰ বাবে নিয়ম ভংগ কৰে তেন্তে তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হ’ব।
 

Category
Profile picture for user UB Photos