বনভোজ সন্দৰ্ভত অসম চৰকাৰৰ নতুন SOP! এই SOP ত কি কি নিয়ম সাঙোৰ খাই আছে?........

sop

দেৰগাঁৱৰ ভয়ংকৰ প্ৰাণঘাতী দুৰ্ঘটনাৰ পাছতে অসম চৰকাৰে জাৰি কৰিলে SOP। গোলাঘাটৰ বছা ভৰলুৱাত এতিয়া কান্দোনৰ ৰোল। বুধবাৰে নিশাৰ ভাগত একেলগে জ্বলিল ১১খনকৈ চিতা। দেৰগাঁৱৰ দুৰ্ঘটনাৰ ট্ৰেজেদীত শোকস্তব্ধ ৰাজ্যবাসী। আজিও নিমাওমাও আঠখেলীয়া বছাভৰলুৱা গাঁও।

এই ভয়াৱহ ট্ৰেজেদীক দুৰ্ঘটনাৰ পিছতে পিকনিক সন্দৰ্ভত SOP জাৰি প্ৰশাসনৰ। এই  SOP ত কি কি নিয়ম অন্তৰ্ভুক্ত হৈ আছে? জানো আহক - 

 পিকনিক সন্দৰ্ভত দিয়া SOP অনুসৰি, বনভোজ দলৰ বাহনত যাব নোৱাৰিব অতিৰিক্ত যাত্ৰী। বনভোজস্থলীত বিক্ৰী কৰিব নোৱাৰিব সুৰা। বনভোজৰ গাড়ীত বজাব নোৱাৰিব উচ্চ প্ৰাবল্যৰ সংগীত।

লগতে, ধাবাত সুৰা বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাব আৰক্ষীয়ে। সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পাছত বনভোজ দলৰ যাত্ৰা নিষিদ্ধ কৰা হৈছে। বনভোজস্থলীত থাকিব লাগিব পৰ্যাপ্ত পাৰ্কিঙৰ ব্যৱস্থা। বনভোজ দলৰ বাহনৰ চালকে পৰিধান কৰিব লাগিব জোতা। কুঁৱলীৰ সময়ত বনভোজ দলক যাত্ৰা নকৰিবলৈ নিৰ্দেশ।

Category
Profile picture for user UB Photos