সাধাৰণ জনতালৈ কিছু সকাহ কেন্দ্ৰীয় চৰকাৰৰ! আটা, দাইলৰ পিছত এইবাৰ সুলভ মূল্যত পাব চাউল........

Rice

মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰা সময়তে জনতালৈ কিছু সকাহ কেন্দ্ৰীয় চৰকাৰৰ। মূল্যবৃদ্ধিৰ পৰা মধ্যবিত্ত সকলক কিছু সকাহ দিবলৈ কেন্দ্ৰই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

এইবাৰ কেন্দ্ৰীয় চৰকাৰে ভাৰত ব্ৰেণ্ডৰ চাউল, দাইল আৰু আটা সুলভ মূল্যত বিক্ৰী কৰিব। এতিয়াৰে পৰা ২৫ টকাত পাব সুলভ মূল্যৰ চাউল।

ইকনমিক টাইমছত প্ৰকাশ এক প্ৰতিবেদন অনুসৰি, NCCF আৰু চেণ্ট্ৰেল ৱেৰহাউছৰ জৰিয়তে প্ৰতি কেজিত ২৫ টকাকৈ চাউল বিক্ৰী কৰা হ’ব।

উল্লেখ্য যে, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত চাউলৰ মূল্য ১৪.১ শতাংশ বৃদ্ধি পোৱাৰ তথ্য আহি পৰিছে। বৰ্তমান স্বাবাৱিক চাউলৰ দাম প্ৰায় ৪৪ টকাৰ পৰা আৰম্ভ। ইয়াৰ ফলত সাধাৰণ ৰাইজে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। 

মূল্যবৃদ্ধিৰ এই সময়ত ৰাইজক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰে ভাৰত ব্ৰেণ্ডৰ চাউলৰ সুলভ মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে বিক্ৰী কৰা হ'ব দাইল, আটা, বিলাহী, পিয়াঁজ ও। ৯ নৱেম্বৰত ভাৰত চৰকাৰে আটা মুকলি কৰিছিল। ইয়াৰ জৰিয়তে ৰাইজে সুলভ মূল্যত আটা লাভ কৰিছে, যাৰ বজাৰ মূল্য ২৭.৫০ টকা। 

একেদৰে প্ৰতি কিলোত ৬০ টকাকৈ দাইল বিক্ৰী কৰা হৈছে। আনহাতে, যেতিয়া পিঁয়াজ আৰু বিলাহীৰ দাম আকাশলংঘী হৈছিল, তেতিয়া সাধাৰণ মানুহে সুলভ মূল্যত পিঁয়াজ আৰু বিলাহী পাইছিল।

Category
Profile picture for user UB Photos