অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী; ৩৬ দিনত ৰাজ্যত ১০টাকৈ এনকাউণ্টাৰ.........

encounter

অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে গৰজি উঠিছে আৰক্ষীৰ বন্দুক। 

বিগত ৩৬ দিনত ৰাজ্যত ১০টাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । ডিচেম্বৰ মাহৰ প্ৰথম ১০টা দিনতে গুলীবিদ্ধ ৫টাকৈ অভিযুক্ত। দুৰ্ধৰ্ষ চোৰ, ডকাইত, হত্যাকাৰী, গো-সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।

উল্লেখ্য যে, ৫ নৱেম্বৰত তামাৰহাটত আৰক্ষীৰ এনকাউণ্টাৰ। ধুবুৰী আৰক্ষীৰ গুলীত গুলীবিদ্ধ এটা গো-সৰবৰাহকাৰ। ৭ নৱেম্বৰতো গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ। ১৯ নৱেম্বৰত কৰিমগঞ্জৰ ৰাতাবাৰীত আৰক্ষীৰ গুলীচালনা। মন্দিৰ জ্বলোৱাৰ অপৰাধত গুলীবিদ্ধ হৈছিল আনোৱাৰ আলী।

আনহাতে, ২১ নৱেম্বৰত নগাঁৱত গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগ্ছ মাফিয়া হেকমত আলী। ৬ ডিচেম্বৰত ৰূপহীহাটত সংঘটিত হৈছিল এনকাউণ্টাৰ। ডকাইত ওমৰ ফাৰুকলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

৭ ডিচেম্বৰত কোকৰাঝাৰত গৰজি উঠিল আৰক্ষীৰ বন্দুক। ১০ ডিচেম্বৰত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ। কাছাৰত আৰক্ষীৰ গুলীত গুলীবিদ্ধ জাবিৰ হুছেইন। কমলপুৰত গুলীবিদ্ধ হৈছিল দিলীপ বিশ্বাস।

১১ ডিচেম্বৰত নিশা দেৰগাঁৱতো আৰক্ষীৰ এনকাউণ্টাৰ। নিহত লাগান চাহানী নামৰ এটা গভাইত চোৰ। নিশা চাহানীক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে। অভিযানৰ সময়তে আৰক্ষীৰ গুলীত নিহত লাগান চাহানী। ঘটনাস্থলীৰ পৰা জব্দ 7.65mm পিষ্টল, সজীৱ গুলী। 

Category
Profile picture for user UB Photos