আয়কৰ বিভাগৰ সফলতা! বৰ্তমানলৈ চলোৱা অভিযানত উদ্ধাৰ ২৯০ কোটি টকাৰ নগদ ধন..........

tax

বিগত কেইবা দিনো ধৰি আয়কৰ বিভাগৰ বিভাগৰ অভিযান অব্যাহত আছে। শুকুৰবাৰৰ দিনা কৰ ফাঁকিৰ অভিযোগত উৰিষ্যাস্থিত সুৰা নিৰ্মাণকাৰী কোম্পানী এটাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। 

উল্লেখ্য যে, আয়কৰ বিভাগে উৰিষ্যাস্থিত বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড আৰু ইয়াৰ সৈতে সম্পৰ্ক থকা কোম্পানীবোৰৰ বিৰুদ্ধে তালাচী চলোৱাত ২৯০ কোটি টকাৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে।

আয়কৰ বিভাগে বৰ্তমানলৈকে ভাৰতত জব্দ কৰাৰ ভিতৰত এই ধনৰ পৰিমাণ সৰ্বাধিক বুলি ধাৰণ কৰিছে। তিনিদিন ধৰি তিনিখন ৰাজ্যত চলোৱা অভিযানত এতিয়ালৈকে নগদ ২৯০ কোটি টকা জব্দ কৰিছে। জানিব পৰা মতে, ইয়াৰ পৰিমাণ আৰু অধিক বৃদ্ধি হ'ব পাৰে।

উল্লেখ্য যে, আয়কৰ বিভাগে ঝাৰখণ্ড , পশ্চিম বংগ আৰু উৰিষ্যাত অৱস্থিত ডিষ্টিলাৰীৰ কাৰ্যালয় সমূহত তালাচী চলাইছিল। ঝাৰখণ্ডত কংগ্ৰেছ সাংসদ ধীৰাজ কুমাৰ চাহুৰ পৰাও কোটি কোটি টকাও উদ্ধাৰ কৰা হৈছিল। বৰ্তমানেও অব্যাহত আছে এই অভিযান।

Category
Profile picture for user UB Photos