সচাঁ অৰ্থত অনুষ্কা শইকীয়াৰ মৃত্যুৰ আঁৰত বাৰু কোন আছে? বৰ্তমানো সন্দেহৰ আওতাত ৩ জন কৈ লোক.......

ghy

গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত অনুষ্কা শইকীয়াৰ মৃত্যুৰ ঘটনাই প্ৰতিদিনে লৈছে নতুন মোৰ। অনুষ্কাৰ মৃত্যুত প্ৰেমিক ৰাহুলৰ নাম সাঙুৰ খাইছিল। ইতিমধ্যেই দিছপুৰ থানাত অনুষ্কা শইকীয়াৰ প্ৰেমিক ৰাহুল শইকীয়া হাজিৰ হ’ব লৈ নিৰ্দেশ দিছে দিছপুৰ আৰক্ষীয়ে। 

জানিব পৰা মতে, শনিবাৰে নিশা ৰাহুল-অনুষ্কাৰ মাজত কোনো কথাক লৈ কাজিয়া হৈছিল। কোনো অন্য যুৱক সন্দৰ্ভত দুয়োৰে মাজত কাজিয়া হোৱাৰ কথা বনকৰা মহিলা জুনুৱে সদৰি কৰিছে। সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে, হেঙেৰাবাৰীৰ অমৃত উদ্যানৰ সন্মুখৰ এটা ভাড়া ঘৰত ধেমাজিৰ এগৰাকী যুৱতী অনুষ্কা শইকীয়াক ৰহস্যজনভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। যুৱতীগৰাকী বিউটিচিয়ান হিচাপে কৰ্মৰত আছিল। ইতিমধ্যে অনুষ্কাৰ মৃত্যু সন্দৰ্ভত বনকৰা মহিলা জুনু বৰা আৰু অনুষ্কাই বাস কৰা ভাড়াঘৰৰ গৰাকী ৰমেশ ভৰালীক আৰক্ষীয়ে জেৰা কৰিছে।

আনহাতে, এক মন কৰিবলগীয়া কথা যে, যুৱতীগৰাকীয়ে মৃত্যুৰ ১৫ ঘণ্টা পূৰ্বে সামাজিক মাধ্যম ইনষ্টাগ্ৰামত তেওঁৰ প্ৰেমিকৰ সৈতে হাতত হাত ধৰা এখন ফটোও শ্বেয়াৰ কৰিছিল। কিন্তু হঠাৎ অনুষ্কাৰ ছচিয়েল মিডিয়াৰ সকলো ফটো ডিলিট কৰা হৈছে। 

এতিয়া কোনে আৰু কিয় সেই ফটোখনৰ লগতে সকলোবোৰ ফটো ডিলিট কৰিছিল সেই বিষয়ক লৈ আৰক্ষীৰ সন্দেহ উপজিছে। এতিয়া যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ আঁৰত প্ৰেমজনিত নে আন বেলেগ কোনো কাৰণ আছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। অৱশ্যে, আৰক্ষীয়ে অনুষ্কাৰ মৃত্যুৰ আঁৰত প্ৰেমিক ৰাহুল শইকীয়া থকা বুলি সন্দেহ কৰিছে।  

Category