
ৰাজ্যৰ শিক্ষকসকলক লৈ শিক্ষা বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী। এই জাননীত উল্লেখ আছে যে, এতিয়াৰে পৰা শিক্ষকসকলে ১২ দিনৰ বিশেষ ছুটী লাভ কৰিব।
কিন্তু এই ছুটী পাঠ্যক্ৰমৰ বাবে নহয়, ‘বিপাসনা’ৰ বাবেহে ছুটী প্ৰদান কৰা হ’ব। এতিয়া শিক্ষকসকলে ১০ দিনৰ ‘বিপাসনা’ৰ পাঠ্যক্ৰম কৰিব লাগিব। ইয়াৰ লগতে অহা-যোৱাৰ বাবে শিক্ষকসকলক দুদিনৰ ছুটী দিয়া হৈছে। এই নিৰ্দেশনা SSA আৰু শিক্ষা বিভাগে জাৰী কৰিছে।
অসম চৰকাৰে ‘বিপাসনা’ পাঠ্যক্ৰম ৰখাৰ বাবে শিক্ষকসকলক ১২ দিনৰ বিশেষ ছুটীৰ অনুমোদন জনাইছে। অসম বিপাসনা ট্ৰাষ্টৰ গুৱাহাটীৰ চন্দ্ৰপুৰ কেন্দ্ৰত এই ১০ দিনীয়া ‘বিপাসনা’ পাঠ্যক্ৰম অনুষ্ঠিত কৰা হ’ব, যি শিক্ষক-শিক্ষাৰ্থী আদিৰ বাবে যথেষ্ট উপকাৰী হ’ব।
নিম্নলিখিত চৰ্তসমূহ সাপেক্ষে এই ছুটী প্ৰদান কৰা হ’ব:-
১. ইচ্ছুক শিক্ষকে গুৱাহাটীৰ চন্দ্ৰপুৰস্থিত বিপাসনা কেন্দ্ৰত নামভৰ্তি কৰিব লাগিব।
২. যিসকল শিক্ষকে বিপাসনা কেন্দ্ৰত নামভৰ্তি কৰিছে, যদি বিচাৰে, তেওঁলোকক সৰ্বাধিক ১২ দিনৰ বিশেষ ছুটী মঞ্জুৰ কৰা হ’ব।
৩. আগ্ৰহী শিক্ষকসকলে নামভৰ্তি পত্ৰৰ জেৰক্সৰ সৈতে ছুটীৰ আবেদন দাখিল কৰিব লাগিব। ইয়াৰ লগতে ছুটীৰ পৰা উভতি আহি তেওঁ সংশ্লিষ্ট কেন্দ্ৰৰ দ্বাৰা জাৰি কৰা প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব, য’ত তেওঁৰ ১০ দিনৰ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ বিষয়ে উল্লেখ থাকিব।
আনহাতে, এই আদেশবোৰ ইয়াৰ জাৰি কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।
- Log in to post comments