শীতকালত বিভিন্ন শাক-পাচলিৰে বজাৰ ভৰি পৰে, আজি জিলমিল শাকৰ উপকাৰীতাৰ বিষয়ে জানো আহক, যিয়ে ওজন কমোৱাৰ লগতে বিভিন্ন সমস্যা সমাধান কৰে......

জিলমিল শাক

শীত অহা লগে লগে বজাৰত ভৰি পৰিছে বিভিন্ন শাক-পাচলি। সেউজীয়া শাক আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী, সেই কথা সকলোৱে জানে। কিন্তু আজি আমি এবিধ শাকৰ কথা ক'বলৈ লৈছো, যিয়ে চুলিৰ উজ্জ্বলতা বঢ়োৱাৰ লগতে শৰীৰৰ ওজন কমোৱাটো সহায় কৰে। সেই শাক বিধ হৈছে জিলমিল শাক। জিলমিল শাকত থকা উপকাৰী গুণৰ বাবে ইয়াক ছুপাৰ ফুড বুলিও কোৱা হয়। এই শাক বিধে মানুহৰ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ সহায় কৰে।

জিলমিল শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ভিটামিন, কেলছিয়াম আৰু মেগনেছিয়াম থাকে। যি সকলে ডায়টিং কৰি আছে  আছে তেওঁলোকৰ বাবে জিলমিল শাক অতি উপকাৰী। 

কি কি কাৰণত জিলমিল শাক খাব লাগে?

১. বদহজমৰ সমস্যা হ'লে জিলমিল শাক খাব পাৰে। কিয়নো এই শাক বিধত প্ৰচুৰ পৰিমাণে পানী থাকে। সেয়েহে ই খাদ্য হজম হোৱাত সহায় কৰে।

২. জিলমিল শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যদিও ইয়াত কেল'ৰিৰ মাত্ৰা কম। এই শাক বিধ খালে ভোক লগা সমস্যা নোহোৱা হয়। যাৰ বাবে ই ওজন কমোৱাত সহায় কৰে।

৩. তেজৰ বীজাণু পৰিষ্কাৰ কৰাত সহায় কৰে জিলমিল শাকে।

৪. জিলমিল শাকত এমিন'এছিড আৰু মাইক্ৰ'নিউট্ৰিয়েন্ট নামৰ উপাদান থাকে, যিয়ে মধুমেহৰ সমস্যা নিৰাময় হোৱাত সহায় কৰে।

৫. চুলিৰ যতনৰ ক্ষেত্ৰতো  জিলমিল শাক উপকাৰী। ইয়াত প্ৰ'টিন, ভিটামিন আৰু খনিজ উপাদান থাকে, যিয়ে চুলি সৰা বন্ধ হোৱাত সহায় কৰে।

Category
Profile picture for user UB Photos