দীপাৱলীৰ আনন্দ-উল্লাহৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড! সুৰামত্ত অৱস্থাত ফটকা ফুটোৱাৰ বিষম পৰিণতি.. অগ্নিকাণ্ডত জাহ গ'ল কোটি টকাৰ সামগ্ৰী.........

Fire

দীপাৱলীৰ নিশা গুৱাহাটী মহানগৰীৰ পাঞ্জাৱাৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। পাঞ্জাবাৰীৰ গংগা শান্তি এপাৰ্টমেণ্টৰ এটা ফ্লেটত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। দীপাৱলীৰ আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হৈছিল বুলি জানিব পৰা গৈছে। ভয়ংকৰ অগ্নিকাণ্ডত মুহুৰ্তৰ ভিতৰতে বিনষ্ট কেইবা লাখ টকাৰ সা-সম্পত্তি। 

উল্লেখ্য যে, প্ৰশাসনৰ নিয়ম উলংঘা কৰি মাজনিশালৈকে পাঞ্জাবাৰীৰ গংগা শান্তি এপাৰ্টমেণ্টৰ আৱাসীয়ে ফুটাইছিল আতচবাজী। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সুৰাৰ ৰাগীত মাতাল হৈ নীতি-নিয়ম নমনাকৈ এফালৰ পৰা এপাৰ্টমেণ্টটোৰ আৱাসীয়ে ফুটাই গৈছিল আতচবাজী। তদুপৰি, গংগা শান্তি এপাৰ্টমেণ্টৰ আৱাসীয়ে নিশা আয়োজন কৰিছিল সুৰাৰ পাৰ্টিৰো। আতচবাজীৰ জুইৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডৰ ফলত ক্ষতি হয় কোটি টকা মূল্যৰ সামগ্ৰী। অগ্নিকাণ্ড সংঘটিত হোৱা ফ্লেটটোত যোৱা ৫ দিন ধৰি কোনো নাছিল বুলি জানিব পৰা গৈছে। 

এই ঘটনা সন্দৰ্ভত ফ্লেটৰ এগৰাকী আৱাসীৰ থানাত গোচৰ ৰুজু কৰে। দেৱৰাজ ভাগৱতী নামৰ লোকজনৰ গোচৰ আৰক্ষীক। লগতে ফ্লেটটোৰ বিল্ডাৰ মাধৱ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ। মাধৱ শৰ্মাৰ পুত্ৰ কিষাণু শৰ্মাৰ বিৰুদ্ধেও অভিযোগ।

Category
Profile picture for user UB Photos