প্ৰৱঞ্চনাৰ বলি বৃদ্ধ পিতৃ-মাতৃ! কি নিজৰ কি পৰৰ? নিজ জী-জোৱাইয়ে লুটিলে ৪০ তোলা সোণসহ ৩৮ লাখ টকা......

ghy

বৰ্তমান সময়ত কি নিজৰ কি পৰৰ! কাকোৱে যেন বিশ্বাসত ল'ব নোৱাৰি, চাৰিওফালে কেৱল মাত্ৰ প্ৰৱঞ্চনা। এক হৃদয় কপোৱা ঘটনা সংঘটিত হৈছে মহানগৰীত।

গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা। নিজ জী-জোঁৱাইৰ প্ৰৱঞ্চনাৰ বলি হ'ল এহাল বৃদ্ধ পিতৃ-মাতৃ। ধৃত জী-জোৱাইয়ে বৃদ্ধ দম্পতীৰ একাউণ্টৰ পৰা লুটিলে ৩৮ লাখ কা টকা লগতে লুটি লৈ গ’ল বেংকৰ লকাৰত থকা ৪০ তোলা সোণ।

ইমানতো শান্ত নহ'ল জী-জোৱাই, এইবাৰ বৃদ্ধ পিতৃৰ ফ্লেটৰ নামতো লৈছিল ১২ লাখ টকাৰ ঋণ। জীয়ৰী অংগীৰা কাশ্যপৰ আৰু জোঁৱাই দুলাল কুমাৰ দাসে মিলি এই প্ৰৱঞ্চনা কৰে বৃদ্ধ পিতৃ-মাতৃহালৰ লগত।

উল্লেখ্য যে, নিজ সন্তানৰ এনে কৰ্মকাণ্ডত পানীত হাঁহ নচৰা অৱস্থা পিতৃ-মাতৃৰ। অৱশেষত অতিষ্ঠ হৈ গীতানগৰ আৰক্ষীৰ কাষ চাপিলে পিতৃ-মাতৃয়ে।

বিগত ১৭ অক্টোৰৰ পৰাই ম'বাইল অ'ফ জীয়ৰীৰ। জীয়ৰীৰ ফোন নাপায় হাহাকাৰ কৰিব লগা হৈছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে। কাৰণ বেংকৰ লোনে প্ৰতিটো মুহুৰ্ততে বিপদত পেলাইছে বৃদ্ধ পিতৃ-মাতৃক। এসাজ খাদ্যৰ বাবে পিতৃ মাতৃয়ে হাহাকাৰ কৰিব লগীয়া হৈছে। 

সম্প্ৰতি ওচৰ চুবুৰীয়াই বৃদ্ধ দম্পত্তী হালক খাদ্য সামগ্ৰী যোগান ধৰি আছে। এল এল বি ডিগ্ৰী ধাৰি কন্যা অংগীৰা কাশ্যপ এগৰাকী কন্ঠ শিল্পীও আছিল।
 

Category
Profile picture for user UB Photos