আকৌ ধৰ্ষণ! এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ এজন আত্মীয়ৰ......

Ghy

আকৌ ধৰ্ষণ! এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ এজন আত্মীয়ৰ। এই জঘন্য কাণ্ডটো সংঘটিত হৈছে মেৰাপানীত। পুনৰ বাৰ এইখন অসমতে ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী। আত্মীয় তথা সোনটি বৰা নামৰ বিবাহিত যুৱকজনেই ধৰ্ষণ কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী গৰাকীক।

জানিব পৰা মতে, এই ঘটনাটো সংঘটিত হয় চলিত বৰ্ষৰ নৱেম্বৰ মাহতে। যোৱা ৯ নবেম্বৰত ক'লাজানৰ নগা পাহাৰৰ দাঁতিত থকা এটা বাসগৃহত সোনটি বৰাই ওৰে নিশা নিৰ্যাতন চলাই কিশোৰীগৰাকীক। আৰু এই ধৰ্ষণৰ কথা কাৰোৱাৰ আগত ক'লে কাটি মাৰি নদীত উটুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল লম্পটটোৱে। কাটি মাৰি পেলোৱাৰ ভয়ত মৌন হৈ আছিল কিশোৰী গৰাকী।

কিন্তু ১০ নৱেম্বৰত সকলো কথা পোহৰলৈ অহাত মেৰাপানী আৰক্ষী থানাত ছাত্ৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে । বৰ্তমানেও পলাতক অৱস্থাত আছে লম্পট সোনটি বৰা। ইফালে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় মহিলা সকলে।

Category
Profile picture for user UB Photos