সাৱধান! মম' খাওঁতে ১০০বাৰ ভাৱক, কিয়নো মম' নামত আপুনিও খাব পাৰে গোবৰুৱা? জানো আহক সবিশেষ......

momo

আপুনিও হয়তো মম' খাই ভাল পায়। কিন্তু এতিয়াৰে পৰা মম' খাওঁতে সাৱধান হওঁক! মম' খোৱাৰ আগতে ১০০ বাৰ ভাৱক। কিয়নো মম' নামত আপুনিও খাব পাৰে গোবৰুৱা পোক।

utsav

এই ঘটনা গোলাঘাট দেৰগাঁৱৰ। দেৰগাঁৱৰ ৰঙামাটিৰ এটা পৰিয়ালে গোলাঘাটৰ UTSAV নামৰ  এখন বিলাসী হোটেলৰ পৰা ঘৰলৈ আনিছিল মম'। আৰু সেই মম' খাবলৈ লওঁতেই ভিতৰত ওলাল পোক।

momo

উল্লেখ্য যে, গোলাঘাটৰ UTSAV নামৰ বিলাসী হোটেলৰ মম'ত পোক ওলোৱাৰ বিস্ফোৰক অভিযোগ। ভুক্তভোগী গ্ৰাহকে দেৰগাঁও থানাক গোচৰ ৰুজু কৰে। লগতে উক্ত ঘটনাৰ সম্পৰ্কে ফেচবুকত পোষ্ট দিয়াত হোটেল কতৃপক্ষই অনুনয়-বিনয় কৰি ফেচবুক পোষ্ট ডিলিট কৰায়।

momo

তাৰ পিছতে আকৌ হোটেল কতৃপক্ষই গ্ৰাহকৰ বিৰুদ্ধে ফেচবুকত পোষ্ট দিয়ে। ওলোটাই গ্ৰাহকৰ বিৰুদ্ধেহে মান হানি গোছৰ দিয়াৰ হুংকাৰ হোটেল কতৃপক্ষৰ ।

ভুক্তভোগী গ্ৰাহক এতিয়া কাষ চাপিছে আৰক্ষীৰ। দেৰগাঁও থানাত দাখিল কৰিছে এজাহাৰ। আৰক্ষীৰ তদন্ততহে ওলাব প্ৰকৃত তথ্য
 

Category
Profile picture for user UB Photos