আকৌ এবাৰ এনকাউন্টাৰ, বিলাসীপাৰাত আৰক্ষীৰ গুলীত আহত এজন অস্ত্ৰধাৰী.......

Encounter

ৰাজ্যত পুনৰ এবাৰ সংঘটিত হৈছে এক এনকাউন্টাৰৰ ঘটনা। এইবাৰ এনকাউণ্টাৰৰ স্থান বিলাসীপাৰা। আৰক্ষীৰ গুলীত আহত অস্ত্ৰধাৰী। আৰক্ষীৰ গুলীত আহত অস্ত্ৰধাৰীজনৰ নাম ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

encounter

উল্লেখ্য যে, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা কৰে। সোমবাৰে নাথপাৰাৰ পৰা পিষ্টল আৰু গুলীসহ গ্ৰেপ্তাৰ হৈছিল ছফিকুল আৰু তেওঁৰ সংগী। লগতে মতিয়াৰ ৰহমান নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

encounter

জানিব পৰা মতে, নিশা দুয়োকো লৈ ৰাণীগঞ্জ পাহাৰত আৰক্ষীয়ে অভিযান চলাইছিল। আৰু আৰক্ষীৰ অভিযান কালতেই পলায়নৰ চেষ্টা কৰে ছফিকুলে, তাৰ পিছতে লগে লগে আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত ছফিকুলক ইতিমধ্যেই  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

encounter

আনহাতে, দুই দুৰ্বৃত্তৰ পৰা পালচাৰ বাইকো জব্দ হৈছিল বিলাসীপাৰা আৰক্ষীয়ে।
 

Category
Profile picture for user UB Photos