কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ খবৰ! চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধি পালে DA, কিমান শতাংশ DA বৃদ্ধি কৰা হ'ল? জানো আহক......

da

অৱশেষত বৃদ্ধি পালে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ। কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১ জুলাইৰ পৰা নতুন ডিএ কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডি এ ৪ শতাংশ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কৰ্মচাৰীৰ ডি এ ৪ শতাংশ বৃদ্ধিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১ জুলাইৰ পৰা নতুন ডিএ কাৰ্যকৰী হ’ব। এই বৃদ্ধিৰ ফলত কৰ্মচাৰীসকলৰ ডি এ ৪২ শতাংশৰ পৰা ৪৬ শতাংশ হ’ল গৈ। ইয়াৰ ফলত পেঞ্চনাৰ সকলো লাভান্বিত হ’ব।

da

উল্লেখযোগ্য যে, ২০২৩ চনৰ বাবে চৰকাৰে প্ৰথম সংশোধন কৰি ২৩ মাৰ্চ ২০২৩ত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। তেতিয়া ৩৮ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধি কৰি ৪২ শতাংশ কৰা হৈছিল ডিএ। এই বৰ্ধিত ডিএৰ লাভ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও ১ জানুৱাৰী ২০২৩ৰ পৰা লাভ কৰে। ডিএৰ লগতে পেঞ্চনাৰৰ বাবে ডি আৰ বৃদ্ধি কৰা হয়।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডি এ বৃদ্ধি কৰাৰ পিছত তেওঁলোকৰ দৰমহাৰ অনুপাত বৃদ্ধি পাব। ধৰা হ’ল কোনো এজন কৰ্মচাৰীৰ বেছিক ছেলাৰী ৫০ হাজাৰ টকা, ৪ শতাংশ ডিএ বৃদ্ধি পালে তেওঁৰ মাহিলী ২০০০ টকা বৃদ্ধি পাব। অৰ্থাৎ পৰৱৰ্তী মাহৰ পৰা তেওঁ ২০০০ টকাকৈ বেছিকৈ দৰমহা লাভ কৰিব।

Category