নৱৰাত্ৰীৰ ৯ দিনত কেনেকৈ দেৱীক সন্তুষ্ট কৰিব? কি কি মন্ত্ৰ জপ কৰিলে মাঁৰ আশীষ পাব? জানো আহক.........

durga

পিতৃপক্ষ সমাপ্তৰ পিছতে আৰম্ভ হ'ব দেৱীপক্ষ। আহিন মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ'ব শাৰদীয় নৱৰাত্ৰী। লোক বিশ্বাস অনুসৰি, এই সময়চোৱাত স্বৰ্গৰ পৰা মৰ্ত্যলোকলৈ আগমন হয় মা দুৰ্গাৰ। দুর্গতিনাশিনী দুর্গাক আদৰিবলৈ সাজু হৈছে সকলো। চলিত বৰ্ষৰ ১৫ অক্টোবৰৰ পৰা নৱৰাত্ৰীৰ আৰম্ভ হ'ব আৰু অন্ত পৰিব ২৪ অক্টোবৰত। নৱৰাত্ৰীৰ ৯ দিনত দেৱী দুৰ্গাৰ ৯ ৰূপৰ উপাসনা কৰা হয়।

উল্লেখ্য যে, হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ । দুৰ্গোৎসৱক সাধাৰণতে নৱৰাত্ৰি বুলিও জনা যায় ৷ 

দেৱী দুৰ্গাৰ অৰ্থ হৈছে -

'দ' আখৰে দৈত্য নাশ, 'ঊ'-কাৰে বিঘ্ননাশক, 'ৰেফ' ৰোগনাশক, 'গ' আখৰে পাপনাশক আৰু 'অ'-কাৰে ভয় তথা শত্রুনাশক। অর্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুর্গা। দেবী দুর্গা হ'ল সৃষ্টিৰ আদি । পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন- পোষণ আৰু সংহাৰ কৰে। আই দুর্গা দেৱীৰ ৰূপ ন বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইসমূহৰ নাম হ'ল-

১. শৈলপুত্রী, ২. ব্ৰহ্মচাৰিণী, ৩. চন্দ্রঘণ্টা, ৪. কুষ্মাণ্ডা, ৫. স্কন্দমাতা, ৬. কাত্যায়নী, ৭. কালৰাত্ৰি, ৮. মহাগৌৰী, ৯. সিদ্ধিদাত্রী

নৱৰাত্ৰীৰ ৯ দিনত দেৱী দুৰ্গাৰ ৯ ৰূপৰ উপাসনা কৰাৰ সময়ত কি কি মন্ত্ৰ জপ কৰিব? জানো আহক.....

১) নৱৰাত্ৰিৰ প্ৰথম দিন ১৫ অক্টোবৰ ২০২৩: নৱৰাত্ৰিৰ প্ৰথম দিনটোত মাতৃ শৈলপুত্ৰীৰ পূজা কৰা হয়। মাতৃ শৈলপুত্ৰীয়ে সুখ, সমৃদ্ধি আৰু শাস্তি প্ৰদান কৰে। মাতৃ শৈলপুত্ৰীক সন্তুষ্ট কৰিবলৈ " ॐ देवी शैलपुत्र्यै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

২) নৱৰাত্ৰিৰ দ্বিতীয় দিন, ১৬ অক্টোবৰ ২০২৩: নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা দুর্গাৰ ব্ৰহ্মচাৰিণী ৰূপ পূজা কৰা হয়। ব্ৰহ্মচাৰিণী মাতাক  সন্তুষ্ট কৰিবলৈ "ॐ देवी ब्रह्मचारिण्यै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

৩) নৱৰাত্ৰিৰ তৃতীয় দিন ১৭ অক্টোবৰ ২০২৩: নৱৰাতিৰ তৃতীয় দিনটো মাতৃ চন্দ্ৰঘণ্টাৰ নামত উচৰ্গা কৰা হৈছে। মাতৃ চন্দ্রঘণ্টাক উৎসাহ আৰু সাহসৰ দেৱী বুলি গণ্য কৰা হয়। মাতৃ চন্দ্রঘণ্টাক সন্তুষ্ট কৰিবলৈ "ॐ देवी चन्द्रघण्टायै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

৪) নৱৰাত্ৰিৰ চতুর্থ দিন, ১৮ অক্টোবৰ, ২০২৩: নৱৰাত্ৰিৰ চতুৰ্থ দিনত কুষ্মাণ্ডা মাতাৰ পূজা কৰা হয়। কুষ্মাণ্ডা মাতাক সন্তুষ্ট কৰিবলৈ "ॐ देवी कूष्माण्डायै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।


৫) নৱৰাত্ৰিৰ পঞ্চম দিন, ১৯ অক্টোবৰ ২০২৩:  নৱৰাত্ৰিৰ পঞ্চম দিন স্কন্দমাতাৰ পূজা কৰা হয়। মাতৃ স্কন্দমাতাক সন্তুষ্ট কৰিবলৈ "ॐ देवी स्कन्दमातायै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

৬) নৱৰাত্ৰিৰ ষষ্ঠ দিন, ২০ অক্টোবৰ ২০২৩: নৱৰাত্ৰিৰ ষষ্ঠ দিনা মাতৃ কাত্যায়নীক ৰীতি-নীতি অনুসৰি পূজা কৰা হয়। মাতৃ কাত্যায়নীক সন্তুষ্ট কৰিবলৈ "ॐ देवी कात्यायन्यै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

৭) নৱৰাত্ৰিৰ সপ্তম দিন, ২১ অক্টোবৰ, ২০২৩: নৱৰাত্ৰিৰ সপ্তম দিনটো মা কালৰাত্ৰিৰ নামত উৎসৰ্গা কৰা হৈছে। এই দিনটোত নীলা বস্ত্ৰ পৰিধান কৰি মা কালৰাত্ৰিক পূজা কৰিব লাগে ৷ মা কালৰাত্ৰিক সন্তুষ্ট কৰিবলৈ "ॐ देवी कालरात्र्यै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

৮) নৱৰাত্ৰিৰ অষ্টম দিন, ২২ অক্টোবৰ ২০২৩: নৱৰাত্ৰিৰ অষ্টম দিনা মা দুৰ্গাৰ অষ্টম ৰূপ মা মহাগৌৰীক পূজা কৰা হয়। মা মহাগৌৰীক সন্তুষ্ট কৰিবলৈ "ॐ देवी महागौर्यै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

৯) নৱৰাত্ৰিৰ নৱম দিন, ২৩ অক্টোবৰ ২০২৩: নৱৰাত্ৰিৰ নৱম দিনটো মা দুৰ্গাৰ নৱম ৰূপ মা সিদ্ধিদাত্রীক উৎসর্গা কৰা হৈছে। মা সিদ্ধিদাত্রীক সন্তুষ্ট কৰিবলৈ "ॐ देवी सिद्धिदात्र्यै नमः॥" মন্ত্ৰ বিধ জপ কৰিব।

Category
Profile picture for user UB Photos