আজি মহালয়াৰ দিনটোতে পৰিছে অমাৱস্যা-সূৰ্যগ্ৰহণ, ইয়াৰ ফলত ৪ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব শনি দেৱৰ আশীৰ্বাদ! সবিশেষ জানো আহক.......

durga

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, এইবাৰৰ মহালয়াত ডাঙৰ সংযোগ! একেটা দিনতে শনিশ্বৰী-সৰ্বপিতৃ অমাৱস্যা-সূৰ্যগ্ৰহণ। এইবাৰ মহালয়াত একেলগে কেইবাটাও ঘটনা একেলগে ঘটাৰ বাবে জিলিকি উঠিব শনিৰ শক্তি, দেৱী পক্ষৰ পৰা ৪টা ৰাশিচিহ্নৰ ভাল দিন অহাৰ সম্ভাৱনা।

উল্লেখ্য যে, প্ৰায় ২০ বছৰ পূৰ্বে এই সংযোগ গঠন হৈছিল। এতিয়া পুনৰ ১৪ অক্টোবৰ,২০২৩ তাৰিখে একেলগে শনিশ্বৰী আৰু সৰ্বপিতৃ অমাৱস্যা হ’ব। এই দিনটোত শনি দেৱৰ উপাসনা কৰিলে জীৱনত সুখ বৃদ্ধি পায় বুলি ধৰ্মীয় বিশ্বাস আছে। এইবাৰ কিছু ৰাশিৰ জাতক-জাতিকাসকলে শনি দেৱৰ আশীৰ্বাদ লাভ কৰিব। লগতে, শনি দেৱৰ আশীৰ্বাদত জীৱন অতি সুন্দৰ আৰু সুৰক্ষিত হ’ব। মানুহে প্ৰতিটো যুদ্ধ জয় কৰিবলৈ সক্ষম হ’ব পাৰিব।

জ্যোতিশাস্ত্ৰ অনুসৰি, শনিশ্বৰী অমাৱস্যাই ৪টা ৰাশিৰ ভাগ্য জিলিকাব। কোনটো ৰাশিচিহ্নই ডাঙৰ লাভালাভ পাব জানো আহক....

বৃষ ৰাশি -

বৃষ

বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ কামৰ ক্ষেত্ৰত শনিৰ বিশেষ আশীৰ্বাদ থাকিব। শনিশ্বৰী অমাৱস্যাত বৃষ ৰাশিৰ লোকসকলে কাৰ্যালয়ৰ জ্যেষ্ঠসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব, পদোন্নতিৰ সম্ভাৱনা আছে।

মিথুন ৰাশি -

মিথুন

মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ নৱম ঘৰত শনিয়ে বিৰাজ কৰে, সেয়ে তেওঁলোক ধৰ্মীয় আচৰণৰ সৈতে জড়িত থাকে, এই ৰাশিৰ লোকসকলক সমাজ কল্যাণত জড়িত হ’বলৈ অনুপ্ৰাণিত কৰিব। আপুনি আনক যিমানে সহায় কৰিব, সিমানেই আপোনাৰ বাবে ভাল হ’ব। আপুনি জ্যেষ্ঠসকলক সন্মান কৰিব। পিতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰিব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা আছে, শীঘ্ৰেই ভাল খবৰ পাব পাৰে। মিথুন ৰাশিৰ লোকসকলে ব্যৱসায়িক লেনদেনৰ পৰা লাভাম্বিত হ’ব পাৰিব।

তুলা ৰাশি -

তুলা

তুলা ৰাশিৰ শিক্ষাৰ্থীসকলে শনি দেৱৰ আশীৰ্বাদ পাব, যিয়ে তেওঁলোকক অধ্যয়নত ভালদৰে মনোনিবেশ কৰাত সহায় কৰিব। অটোমোবাইল খণ্ডৰ সৈতে জড়িত লোকসকলেও শনিৰ আশীৰ্বাদ লাভ কৰিব পাৰে। শিশুৰ কল্যাণত জড়িত হোৱাৰ বাবে এইটো ভাল সময় হ’ব। তুলা ৰাশিৰ লোকসকলে ভাল কামত শনি দেৱৰ আশীৰ্বাদ পাব পাৰিব, আপুনি নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব পাৰিব।

কুম্ভ ৰাশি -

কুম্ভ

শনিশ্বৰী অমাৱস্যাত কুম্ভ ৰাশিৰ লোকসকলে শনি দেৱতাৰ পৰা ধৈৰ্য্য, অসাধাৰণ বুদ্ধিমত্তাৰ আশীৰ্বাদ পাব পাৰে। শনিৰ শক্তিয়ে আপোনাক ভাল সিদ্ধান্ত লোৱাত সহায় তথা সামৰ্থ্য প্ৰদান কৰিব। যিসকল লোকে শনি সম্পৰ্কীয় ব্যৱসায় যেনে পৰিবহন, চামৰা, স্ক্ৰেপ ধাতু আদিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে শীঘ্ৰেই ভাল সময় আহিব পাৰে। অত্যধিক ধন লাভ হ’ব, ব্যৱসায়ত ভাল স্থিতি থাকিব, নতুন পদক্ষেপ সফল হ’ব পাৰে।

Category
Profile picture for user UB Photos