শৰৎ মানেই যেন দুৰ্গাৰ আগমন। আহিন মাহ পৰা লগে লগেই যেন চাৰিওফালে মা দুৰ্গাক আদৰাৰ প্ৰস্তুতি। এতিয়া মাজত মাথো কেইটামান দিন বাকী, তাৰ পাছতে দুৰ্গা পূজাৰ আনন্দত মতলীয়া হ'ব সকলো।
ইতিমধ্যে মৃত শিল্পীসকলে মাৰ মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছেই। মা দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ মৃত শিল্পীসকলে বেশ্যালয়ৰ পৰা অনা মাটি ব্যৱহাৰ কৰিছে। কিন্তু সচাঁকৈয়ে এই কথাটো আচৰিত নহয় জানো। যি যৌনালয়ক মানুহে অশুদ্ধ বুলি গণ্য কৰে, সেই যৌনালয়ৰ মাটি ব্যৱহাৰ কৰি দেৱীৰ মূৰ্তি নিৰ্মাণ কৰা হয়।
দেৱী আদ্যশক্তিৰ মাটিৰ মূৰ্তি তৈয়াৰ কৰিবলৈ অশুচি যৌনালয়ৰ মাটিৰ প্ৰয়োজন কিয়?
পৌৰাণিক ব্যাখ্যা অনুসৰি দেৱী দুৰ্গাৰ দৃষ্টিত সকলো সমান। কিন্তু যৌনকৰ্মী সকল দেৱীৰ দৃষ্টিত বেছি সন্মানীয়। কিয়নো, পুৰুষে যৌনালয়লৈ গৈ তাত নিজৰ জীৱনৰ সঞ্চিত সকলো গুণ হেৰুৱাই থৈ আহে আৰু তাৰ পৰিৱৰ্তে যৌনালয়ৰ পৰা বুটলি আনে পাপ। সেয়েহে যৌনালয়ৰ মাটি গুণেৰে ভৰপূৰ। গতিকে বেশ্যালয়ৰ সেই 'বিশুদ্ধ' মাটি অবিহনে দেৱীৰ মূৰ্তি আধৰুৱা।
অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে। পুৰাণৰ মতে বিশ্বমিত্র ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। ভগৱান ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ধ্যান ভংগ কৰিবলৈ ঋষিৰ ওচৰলৈ পঠিয়াই দিলে। ঋষিৰ ধ্যান ভংগ কৰাটো সহজ কাম নহয়। যি কাম নিজে দেৱৰাজে কৰিব নোৱাৰিলে, সেই কাম মেনকাই সম্পন্ন কৰিলে।
লগতে দুর্গা দেৱীক ১টা ৰূপত পূজা কৰা হয়। দেৱীৰ এই নৱম ৰূপটো বেশ্যাৰ প্ৰতিনিধি। অষ্টকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। এই নটা ৰূপ হৈছে হৈছে নৃত্যশিল্পী, কপালিনী, ধোপানী, নপিতানি, ব্রাহ্মণী, শূদ্রাণী, গোৱালিনী, মালিনী আৰু পতিতা। যিসকল সমাজৰ দৃষ্টিত নিম্ন, যিসকলক বছৰজুৰি অশুদ্ধ জ্ঞান কৰা হয়, তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে।
কিন্তু কাৰণ যিয়েই নহওক, বেশ্যালয়ৰ 'অশুচি নাৰী'ৰ মাটিৰে দেৱীৰ মূৰ্তি তৈয়াৰ কৰা হয়। পুৰাণৰ মতে দেৱতাতকৈ 'বেশ্যা' অধিক শক্তিশালী। তাৰোপৰি সমাজবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান। পুৰুষে নাৰীক বেশ্যালৈ ৰূপান্তৰিত কৰে । নাৰী কেতিয়াও অশুদ্ধ নহয়। সেই এই বার্তাটো প্ৰতি বছৰে দেৱীৰ আৰাধনাত মিলাই দিয়া হয়।
- Log in to post comments