মাত্ৰ ডেৰ হাজাৰ টকাৰ বাবে বিৱস্ত্ৰ কৰি প্ৰহাৰ এগৰাকী মহিলাক! প্ৰস্ৰাৱ খাবলৈও কৰা হ'ল বাধ্য........

harassment

আৰ্থিক অনাটনৰ বাবে এজন চিনাকি লোকৰ পৰা ১৫০০ টকা ঋণ লৈছিল দলিত শ্ৰেণীৰ  এগৰাকী মহিলাই। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে মহিলা গৰাকীক বিৱস্ত্ৰ কৰি প্ৰহাৰ কৰাৰ লগতে প্ৰস্ৰাৱ পি খাব দিয়ে একাংশই। এই অভিযোগ মহিলা গৰাকীৰ স্বামীৰ। বিহাৰৰ পাটনাত সংঘটিত হয় এই জঘন্য ঘটনাটো।

জানিব পৰা মতে, বিহাৰৰ পাটনাত দেওবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে নিশা প্ৰায় ১০ বজাত তেওঁ ঘৰৰ বাহিৰত এটা টেপৰ পৰা পানী লৈ আছিল। সেই সময়তে এজন ব্যক্তিয়ে তেওঁৰ স্বামীক বন্ধক বনাই থম বুলি লৈ যায়। তাৰ পাছতে প্ৰমোদ সিং নামৰ লোকজনে তেওঁলোকক তেওঁৰ ঘৰলৈ লৈ গৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে।

ভুক্তভোগী সুবোধ দাসৰ পত্নীয়ে কয় যে প্ৰমোদ সিঙে তেওঁৰ পুত্ৰ অংশু কুমাৰৰ দ্বাৰা তেওঁৰ মুখত প্ৰস্ৰাৱ কৰাইছিল। তাৰপাছতে মহিলাগৰাকীয়ে উলংগ অৱস্থাত উক্ত ঠাইৰ পৰা পলায়ন কৰিবলৈ সক্ষয় হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আৰু এজাহাৰৰ ভিত্তিত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos