বিক্ৰম-প্ৰজ্ঞান কেতিয়া সাৰ পাব? সেই বিষয়ে ISROৱে জনালে এক আচৰিত তথ্য......

chandrayan

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান টোপনিৰ পৰা সাৰ পোৱাৰ সন্দৰ্ভত নতুন তথ্য লাভ প্ৰেৰণ কৰিছে বিজ্ঞানীসকলে। বিক্ৰম-প্ৰজ্ঞানে চন্দ্ৰৰ বুকুত শুই পৰা দিনৰে পৰা অবিৰতভাৱে ISROৰ বিজ্ঞানী সকলে বিক্ৰম-প্ৰজ্ঞানৰ লগত সংযোগ স্থাপন কৰি ৰাখিছিল, লগতে তেওঁলোকে কৈছিল যে, বিক্ৰম-প্ৰজ্ঞানে চন্দ্ৰৰ দেশত সূৰ্যৰ পোহৰ পোৱা লগে লগে নিজে নিজে সক্ৰিয় হৈ উঠিব। 

কিন্তু ISROৰ বিজ্ঞানীসকলৰ সেই ধাৰণাই সচাঁ প্ৰমাণিত নকৰিলে । চন্দ্ৰৰ দেশত সূৰ্যৰ কিৰণ পৰিল তথাপি সাৰ নাপালে বিক্ৰম-প্ৰজ্ঞান। সকলোৰে আশাক নিৰাশা কৰি শুই আছে বিক্ৰম-প্ৰজ্ঞান।

উল্লেখ্য যে, ২৩ আগষ্টত সন্ধিয়া ৬ বাজি ৪ মিনিটত সফলভাৱে চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিছিল চন্দ্ৰযান-৩য়ে। 

Category
Profile picture for user UB Photos