Chandrayan3

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান টোপনিৰ পৰা সাৰ পোৱাৰ সন্দৰ্ভত নতুন তথ্য লাভ প্ৰেৰণ কৰিছে বিজ্ঞানীসকলে। বিক্ৰম-প্ৰজ্ঞানে চন্দ্ৰৰ বুকুত শুই পৰা দিনৰে পৰা অবিৰতভাৱে ISROৰ বিজ্ঞানী সকলে বিক্ৰম-প্ৰজ্ঞানৰ লগত সংযোগ স্থাপন কৰি ৰাখিছিল, লগতে তেওঁলোকে কৈছিল যে, বিক্ৰম-প্ৰজ্ঞানে চন্দ্ৰৰ দেশত সূৰ্যৰ পোহৰ পোৱা লগে লগে নিজে নিজে সক্ৰিয় হৈ উঠিব। 

কিন্তু ISROৰ বিজ্ঞানীসকলৰ সেই ধাৰণাই সচাঁ প্ৰমাণিত নকৰিলে । চন্দ্ৰৰ দেশত সূৰ্যৰ কিৰণ পৰিল তথাপি সাৰ নাপালে বিক্ৰম-প্ৰজ্ঞান। সকলোৰে আশাক নিৰাশা কৰি শুই আছে বিক্ৰম-প্ৰজ্ঞান।