ইতিহাস হ'ল দেশৰ পুৰণি সাংসদ ভৱন! বিদায় পূৰ্ৱে পুৰণি সাংসদ ভৱনত ফটো ছেচন......

Parliament

আজিৰে পৰা ইতিহাস হ'ল দেশৰ পুৰণি সাংসদ ভৱন। গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটোতে পুৰণি সাংসদ ভৱন এৰি নতুন সাংসদ ভৱনত প্ৰৱেশ। পুৰণি সংসদ ভৱনত আজি পুৱা অনুষ্ঠিত হৈছে ফটো ছেচন অনুষ্ঠান। সকলো সাংসদ একেলগে বহি এই ফটো ছেচনত অংশগ্ৰহণ কৰিছে। ফটো ছেচনটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো দেখিবলৈ পোৱা গৈছে।

Parliament

উল্লেখ্য যে, ফটো ছেচনৰ অন্তত নতুন সংসদ ভৱনত ১১ বজাৰ পৰা বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই কাৰ্যক্ৰমণিকা প্ৰায় ডেৰ ঘণ্টা ধৰি চলিব। এই অনুষ্ঠানত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকল একত্ৰিত হোৱাৰ লগতে এই সভাত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধ্যক্ষতা কৰে।

PERLIAMENT

আনহাতে, গণেশ চতুৰ্থীৰ দিনটোতেই নতুন ভৱনত আৰম্ভণি অধিৱেশনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ভাষণ প্ৰদান কৰাৰ লগতে ভাষণ প্ৰদান কৰিব মেনকা গান্ধী, শিবু সুৰেনে। দুপৰীয়া ১.১৫ বজাৰ পৰা আৰম্ভ হ’ব লোকসভাৰ কাম-কাজ। দুপৰীয়া ২.১৫ বজাৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ কাম-কাজ। ৫ দিনীয়া বিশেষ অধিৱেশনেৰে চলি আছে সাংসদ। বিশেষ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন। উত্থাপন হ’ব ৩৩% মহিলা সংৰক্ষণ বিধেয়ক।
 

Category