এক ভয়ংকৰ ঘটনা! ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট, নিহত ৭ জন..............

Accident

মহাৰাষ্ট্ৰৰ থানে চহৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট। এই ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে নিহত ৭ জনকৈ লোক। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে। ঘটনাটো থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

accident

উল্লেখ্য় যে, মৃত লোককেইজন হৈছে মহেন্দ্ৰ চৌপাল, ৰূপেশ কুমাৰ দাস, হাৰুণ শ্বেখ, মিথিলেশ, কৰি দাস আৰু সুনীল কুমাৰ দাস। মৃতসকলৰ ভিতৰত ছয়জনক চিনাক্ত কৰা হৈছে যদিও বৰ্তমানলৈ এজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। 

আৰক্ষীয়ে জনোৱা অনুসৰি, লিফনটৰ তাঁৰ চিঙি যোৱাৰ ফলত লিফ্টটোৱে তলৰ বেচমেণ্টত আহি প্ৰচণ্ড জোৰেৰো খুন্দা মাৰিছিল। আনহাতে, দুৰ্ঘটনাটোৰ সময়ত লিফ্টৰ ভিতৰত সাতজন লোক আছিল আৰু সাতজনৰেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰো খবৰ পোৱা গৈছে।

accident

আৰক্ষীৰ ভাষ্য মতে, সেই সময়ত বহুমহলীয়া ভৱনটোৰ চালৰ 'ৱাটাৰপ্রুফিংৰ কাম চলি আছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দুখ প্ৰকাশ কৰি ফাডনাভিছে লিখিছে, "থানেৰ এই দুর্ঘটনা অতি ভয়ংকৰ। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। " দুৰ্ঘটনাটো কিদৰে সংঘটিত হ'বলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা।

Category
Profile picture for user UB Photos