lift collapse incident

মহাৰাষ্ট্ৰৰ থানে চহৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট। এই ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে নিহত ৭ জনকৈ লোক। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে। ঘটনাটো থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।