CIDৰ জালত ৪ জনকৈ উচ্চপদস্থ আৰক্ষী বিষয়া! কিয় CIDৰ জালত পৰিল আৰক্ষী বিষয়াকেইজন?........

Arrest

CIDৰ জালত বজালীৰ ৪ জনকৈ উচ্চপদস্থ আৰক্ষী বিষয়া। বজালীৰ DSP বিষয়া পুষ্কল গগৈক আটক কৰা হৈছে। লগতে আটক কৰা হৈছে পাটাছাৰকুছি থানাৰ OC অনুপ পাটগিৰিক। ভবানীপুৰৰ দুই ASI দেৱজিৎ গিৰি আৰু শশাংক দাসকো আটক কৰা হৈছে। 

dsp

 

oc

asi

ic

জানিব পৰা মতে, চুপাৰি ব্যৱসায়ীৰ গোচৰৰ ভিত্তিত আটক কৰা হৈছে আটাইকেইজন আৰক্ষী বিষয়াক। আনহাতে, চুপাৰি ব্যৱসায়ীৰ পৰা বৃহৎ‍ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগতেই আটক কৰা হৈছে বজালীৰ SP কাৰ্যালয়ৰ গৃহৰক্ষী জোৱান দ্বীপজয় কলিতাকো।

উল্লেখ্য যে, পূৰ্বেও পুস্কল গগৈৰ বিৰুদ্ধে আছে APSCত বক্র পথেৰে চাকৰি লোৱাৰো অভিযোগ। ডিব্রুগড় আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটতো আছে পুষ্কল গগৈৰ নাম।

গ্ৰেপ্তাৰ কৰা আটাইকেইজন আৰক্ষী বিষয়াক গুৱাহাটীলৈ অনা হৈছেবুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos